NORTHEAST NOW (Assamese)
Popular Stories

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 16, 2025 5:22 pm

এছিয়া কাপৰ বাকী থকা অংশৰ পৰা মেচ ৰেফাৰী এণ্ডি পাইক্ৰফ্টক অপসাৰণ কৰিবলৈ পাকিস্তানে জনোৱা দাবী নাকচ কৰিছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে। সূত্ৰই ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ইণ্ডিয়া টুডেক জনোৱা মতে, ইণ্ডিয়া-পাকিস্তান গ্ৰুপ ষ্টেজৰ খেলৰ পৰা কৰমৰ্দন বিতৰ্কৰ পাছত আইচিচিয়ে পাকিস্তানৰ দাবীক মানি ল’বলৈ আগ্ৰহী নহয়।

বিষয়টোৰ তদন্তৰ অন্তত আইচিচিয়ে পিচিবিক এই সিদ্ধান্ত প্ৰদান কৰিছে। জানিব পৰা সূত্ৰই ইণ্ডিয়া টুডেকো জনাইছে যে পিচিবিৰ সঞ্চালককে ধৰি এছিয়ান ক্ৰিকেট কাউন্সিলৰ একাংশ বিষয়াই আগতীয়াকৈ ভালদৰেই জানিছিল যে দুয়োজন অধিনায়কৰ মাজত কোনো ধৰণৰ  কৰমৰ্দনৰ পৰ্ব নাথাকিব।

পাকিস্তান ক্ৰিকেট বৰ্ডে ভাৰতীয় খেলুৱৈ আৰু মেচ ৰেফাৰী পাইক্ৰফ্টৰ বিৰুদ্ধে আনুষ্ঠানিক আপত্তি দাখিল কৰিছিল। পিচিবিয়ে নিজৰ পত্ৰত উল্লেখ কৰিছিল যে পাইক্ৰফ্টে পাকিস্তানৰ অধিনায়ক ছলমান আঘাক সূৰ্য্যকুমাৰ যাদৱৰ সৈতে হাত মিলাবলৈ পৰামৰ্শ দিছিল। ইয়াত উল্লেখ কৰা হৈছিল যে ভাৰতীয় খেলুৱৈসকলে বিৰোধী দলৰ সৈতে হাত মিলাবলৈ অস্বীকাৰ কৰাৰ বাবে আচৰণ বিধি নিয়ম উলংঘা কৰিছিল।

আইচিচিলৈ লিখা পত্ৰখনত পিচিবিয়ে স্পষ্টকৈ উল্লেখ কৰিছিল যে যদিহে এণ্ডি পাইক্ৰফ্টক আঁতৰাই নিদিয়ে তেন্তে তেওঁলোকে নিজৰ দলটোক প্ৰতিযোগিতাখনৰ পৰা আঁতৰাই নিব। কাইলৈ ​​পাকিস্তানৰ পৰৱৰ্তী মেচ হব ইউ এ ইৰ বিৰুদ্ধে।

ডুবাইৰ পৰা পোৱা বাতৰি অনুসৰি ২০২৫ চনৰ এছিয়া কাপত ৰাষ্ট্ৰীয় পুৰুষ দলটোৱে ভাৰতৰ হাতত ৭ উইকেটত পৰাস্ত হোৱাৰ পিছত পিচিবিয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট অভিযানৰ সঞ্চালক উছমান ৱাহলাক নিলম্বন কৰে। পাকিস্তানৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, হাই-প্ৰফাইল এনকাউণ্টাৰত ক্ষতিসাধন কৰা হেণ্ডশ্বেক বিতৰ্কক লৈ ৱাহলাৰ বিৰুদ্ধে ‘সময়ত ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে মহচিন নাকভিৰ নেতৃত্বত বৰ্ডে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰে।