NORTHEAST NOW (Assamese)
Popular Stories

গোলাঘাটৰ সেই বিশেষ ষ্টুডিঅ’টো…! জুবিন গাৰ্গে ৭ ঘণ্টাত বাণীবদ্ধ কৰিছিল ২২ টাকৈ গীত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 21, 2025 9:30 pm

অসমবাসীৰ প্ৰিয় শিল্পী জুবিন গাৰ্গক বিদায় দিবলৈ আজিও মন-মগজু উঠিব পৰা নাই। তেওঁৰ সংগীতময় যাত্ৰাৰ অসংখ্য স্মৃতিয়ে আজি সকলোকে অশ্ৰুসিক্ত কৰি তুলিছে।

গোলাঘাটৰ সৈতে জুবিন গাৰ্গৰ এক গভীৰ সম্পর্ক আছিল। জোঁৱাই হিচাপে ব্যক্তিগত সম্বন্ধৰ লগতে এই ঠাইতেই গঢ় লৈ উঠিছিল তেওঁৰ বহু অমৰ সংগীত।

শান্তিপুৰস্থিত ২০০৩ চনত কিশোৰ দত্তই স্থাপন কৰা এই সমলয় ষ্টুডিঅ’তেই জুবিন গাৰ্গে ২০০৫ চনত প্ৰথম গীত বাণীবদ্ধ কৰিছিল আৰু ২০০৮ চনলৈকে ধাৰাবাহিকভাৱে ৪০টাৰো অধিক গীতৰ ৰেকৰ্ডিং কৰিছিল। ।

কিশোৰ দত্তয় অতীতৰ সেই স্মৃতি সোঁৱৰি কয় ২০০৪ চনত জুবিন গাৰ্গে প্ৰথমবাৰ আহি ষ্টুডিঅ’টো চাই গৈছিল। তাৰ পিছত ২০০৫ চনত প্ৰথমবাৰৰ বাবে গান গাইছিল। এবাৰ বিয়লি ৩.৩০ বজাৰ পৰা নিশা ১০ বজালৈকে ২২ টা বিহু গীত বাণীবদ্ধ কৰিছিল। সেই সময়ত বিহু গীত মানে জুবিন গাৰ্গ।

তেওঁৰ প্ৰথম জনপ্ৰিয় গীত ‘মৰম লগা ভণ্টিজনী’, লগতে অঞ্জনা, জানমণি আদি এলবামৰ বহু গীত আৰু ভাল পাব নাজানিলো ছবিৰ গানো ইয়াতেই বাণীবদ্ধ হৈছিল।

কিশোৰ দত্তই আৰু কয় যেজুবিন দাই অদ্ভুত ব্যক্তিত্বৰ গৰাকী আছিল। যিকোনো বাদ্যযন্ত্ৰ এবাৰ চালেই বাজাই দিব পাৰিছিল। সংগীতৰ সঁজুলিৰ বিষয়ে তেওঁৰ জ্ঞান অসাধাৰণ। প্ৰথমবাৰৰ বাবে দেখা মিক্সাৰখনো ১০ মিনিটত আয়ত্ত কৰিছিল, যিটো আমাৰ নিচিনা লোকৰ বাবে মাহ মাহ লাগিব পাৰে। মোৰ কাৰণে তেওঁ দেৱতাস্বৰূপ।”

২০০৮ চনত শেষবাৰৰ বাবে তেওঁ সমলয় ষ্টুডিঅ’লৈ আহিছিল। তাৰ পিছত ফোনযোগে যোগাযোগ চলি আছিল। কিশোৰ দত্তই গৰ্বেৰে কয়—“তেওঁৰ ৪০টাৰো অধিক গীতৰ ডাবিং কৰাৰ সৌভাগ্য লাভ কৰিছিল।