NORTHEAST NOW (Assamese)
দেশ

ছত্তীশগড়ত সেনা-মাওবাদীৰ সংঘৰ্ষ : সেনাৰ গুলীত নিহত দুই মাওবাদী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 22, 2025 9:59 pm

ছত্তীশগড়ৰ মাওবাদী নেতা তথা চি পি আই (মাওবাদী) কেন্দ্ৰীয় সমিতিৰ সদস্য গুডছা উছেণ্ডী ওৰফে বিকল্পক এক এনকাউণ্টাৰত হত্যা কৰা বুলি দাবী কৰিছে নিৰাপত্তাৰক্ষীয়ে।

এই এনকাউণ্টাৰত আন এজন মাওবাদী কেন্দ্ৰীয় সমিতিৰ সদস্য কোছা দাদা ওৰফে কাদ্ৰী সত্যনাৰায়ণ ৰেড্ডীও নিহত হোৱা বুলি জানিব পৰা গৈছে।

নাৰায়ণপুৰৰ আৰক্ষী অধীক্ষক ৰবিনছন গুৰিয়াই জনোৱা মতে, মাওবাদী কাৰ্যকলাপৰ তথ্যৰ পিছতে ছত্তীশগড়-মহাৰাষ্ট্ৰ আন্তঃৰাজ্যিক সীমান্তত অৱস্থিত আবুঝ্মাদ অঞ্চলত নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান আৰম্ভ কৰে।

আৰক্ষীৰ মতে, নিহত মাওবাদী কেইজন হৈছে ৬৩ বছৰীয়া গুডছা উছেণ্ডী ওৰফে বিকল্প আৰু ৬৭ বছৰীয়া কোছা দাদা ওৰফে কাদ্ৰী সত্যনাৰায়ণ ৰেড্ডী। দুয়োজনেই আছিল মাওবাদী কেন্দ্ৰীয় সমিতিৰ সদস্য।

বিকল্প নামেৰেও পৰিচিত গুডছা উচেণ্ডী মাওবাদীৰ আটাইতকৈ জনপ্ৰিয় মুখপাত্ৰ হিচাপে পৰিচিত আছিল।

একেদৰে কোছাইও দীৰ্ঘদিন ধৰি মাওবাদী সংগঠনৰ মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

ৰাজ্যৰ মুখ্যমন্ত্ৰী বিষ্ণুদেৱ ছাইয়ে এই দুই নক্সালবাদীৰ হত্যাক ছত্তীশগড়ত নক্সালবাদ নিৰ্মূল কৰাৰ দিশত এক নিৰ্ণায়ক কৃতিত্ব বুলি অভিহিত কৰিছে।