NORTHEAST NOW (Assamese)
দেশ

বিয়াৰ পিছত গোত্ৰ সলনি হয় হিন্দু মহিলাৰ : সম্পত্তিৰ গোচৰত উচ্চতম ন্যায়ালয়

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 25, 2025 5:27 pm

ছোৱালী এজনীয়ে হিন্দু ৰীতি-নীতি অনুসৰি বিয়া পাতিলে হিন্দু আইন অনুসৰি তেওঁৰ গোত্ৰও সলনি হয়। বুধবাৰে উত্তৰাধিকাৰৰ গোচৰত এই কথা জনালে উচ্চতম ন্যায়ালয়ে।

হিন্দু উত্তৰাধিকাৰ আইনক প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতন ন্যায়ালয়ৰ বিচাৰপীঠে কয় যে এগৰাকী নিঃসন্তান মহিলাৰ মৃত্যুৰ পিছত তেওঁৰ সম্পত্তি তেওঁৰ স্বামীৰ পৰিয়ালে উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিব পাৰে। মহিলাগৰাকীৰ পিতৃৰ পৰিয়ালৰ কোনেও সেই সম্পত্তিৰ অংশ লাভ নকেৰ। কাৰণ, বিবাহৰ সময়ত এগৰাকী নাৰীৰ গোত্ৰও সলনি হয়।

উচ্চতম ন্যায়ালয়ৰ একমাত্ৰ মহিলা ন্যায়াধীশ বি.ভি. নাগাৰাত্নাই কয় যে যেতিয়া ছোৱালী এজনীক পিতৃ বা পৰিয়ালে স্বামীৰ হাতত গতাই দিয়া হয়, তেতিয়া তেওঁৰ গোত্ৰও সলনি হয়।

লগতে আদালতে কয় যে হাজাৰ হাজাৰ বছৰ ধৰি সমাজত চলি থকা নিয়মবোৰ সলনি কৰাৰ প্ৰয়োজন নাও

মন কৰিবলগীয়া যে উচ্চতম ন্যায়ালয়ত এই বিষয়ত কেইবাখনো আবেদন দাখিল কৰা হৈছে।