NORTHEAST NOW (Assamese)
অসম

ঔষধৰ ওপৰত ১০০ শতাংশ শুল্ক ঘোষণা ট্ৰাম্পৰ; চাপত ভাৰতীয় ঔষধ ৰপ্তানিকাৰী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 26, 2025 10:33 am

বিশ্বৰ বজাৰখনত আৰু এক জোকাৰণি তুলিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। বৃহস্পতিবাৰে তেওঁ ঘোষণা কৰে যে ১ অক্টোবৰৰ পৰা আমদানি শুল্কৰ নতুন অধ্যায় আৰম্ভ হ’ব। ঔষধৰ পৰা আৰম্ভ কৰি পাকঘৰৰ কেবিনেট, আচবাব বা গধুৰ ট্ৰাকলৈকে – সকলোতে অতিৰিক্ত কৰ আৰোপ কৰা হৈছে। ইয়াৰ লক্ষ্য  বিদেশী উৎপাদকৰ হেঁচাত ভাঙি পৰা আমেৰিকাৰ নিজৰ উদ্যোগক সুৰক্ষা দিয়া।

ট্ৰাম্পে স্পষ্টভাৱে উল্লেখ কৰিছে যে যদিহে সংশ্লিষ্ট কোম্পানীসমূহে আমেৰিকাৰ ভিতৰত কাৰখানা স্থাপন নকৰে তেন্তে ফাৰ্মাচিউটিকেল ঔষধ আমদানিৰ ওপৰত ১০০% শুল্ক আৰোপ কৰা হ’ব। একে সময়তে তেওঁ পাকঘৰৰ কেবিনেট আৰু বাথৰুমৰ ভেনিটিৰ ওপৰত ৫০ শতাংশ, আচবাবৰ ওপৰত ৩০ শতাংশ আৰু গধুৰ ট্ৰাকৰ ওপৰত ২৫শতাংশ কৰ আৰোপ কৰাৰ কথা ঘোষণা কৰিছে।

ৰাষ্ট্ৰপতিগৰাকীৰ ব্যাখ্যা হ’ল ‘’আমেৰিকাৰ বজাৰত বিদেশী নিৰ্মাতাই আধিপত্য বিস্তাৰ কৰি ঘৰুৱা উদ্যোগটোক চাপত পেলাইছে। ‘আমদানিকৃত আচবাব আৰু কেবিনেটেৰে বজাৰ ভৰি পৰিছে। গধুৰ ট্ৰাক আৰু যন্ত্ৰাংশই আমাৰ নিজৰ উৎপাদনত আঘাত হানিছে। ৰাষ্ট্ৰীয় সুৰক্ষা আৰু উদ্যোগিক সুৰক্ষাৰ বাবে এই শুল্কসমূহ প্ৰয়োজনীয়।’’

এই সিদ্ধান্তই বিতৰ্কৰ সৃষ্টি কৰিব বুলি অনুমান কৰা হৈছে। সমালোচকসকলে কয় যে শুল্ক অব্যাহত ৰখাৰ ফলত বাণিজ্যত অনিশ্চয়তা বৃদ্ধি পাব, মুদ্ৰাস্ফীতিত ইন্ধন যোগাব পাৰে আৰু গ্ৰাহকৰ ওপৰত অতিৰিক্ত বোজা জাপি দিব পাৰে। ইতিমধ্যে পূৰ্বৰ কৰ নীতিৰ সৈতে খাপ খুৱাবলৈ সংগ্ৰাম কৰি থকা কোম্পানীসমূহে আৰু অধিক কঠিন সময়ৰ সন্মুখীন হ’ব।

কিন্তু নিজৰ স্থিতিত অটল ট্ৰাম্প। তেওঁৰ স্পষ্ট ঘোষণা, “আমি আমেৰিকাৰ চাকৰি আৰু কাৰখানাক সুৰক্ষা দিছো। নিয়মবোৰ অতি সহজ—ইয়াত বিক্ৰী কৰিব বিচাৰিলে ইয়াতেই বনাব লাগিব।”

এতিয়া সমগ্ৰ বিশ্বতে এটাই প্ৰশ্ন—ট্ৰাম্পৰ নতুন শুল্ক যুদ্ধই আমেৰিকাৰ উদ্যোগক সুৰক্ষা দিবনে, নে ই বিশ্ব বাণিজ্যত অধিক অস্থিৰতাৰ সৃষ্টি কৰিব? এই মুহূৰ্তত আমেৰিকা প্ৰশাসনৰ এই সিদ্ধান্তৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত জোকাৰণি উঠিছে।