NORTHEAST NOW (Assamese)
Popular Stories

আকৌ চৰ্চাত লীনা দলে: মাতৃ-কন্যাৰ বিৰুদ্ধে গোচৰ দিল্লী বিশ্ববিদ্যালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 29, 2025 5:17 pm

পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে অসমৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক (এছএছপি) লীনা দলে। এইবাৰ তেওঁৰ বিৰুদ্ধে উত্থাপিত হৈছে কন্যাৰ নামত ভুৱা অনুসূচিত জনজাতি (এছটি) প্ৰমাণ-পত্ৰ উলিয়াই দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰোৱাৰ গুৰুতৰ অভিযোগ। ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগৰ (এনচিএছটি) তদন্তত এই জালিয়াতিৰ তথ্য পোহৰলৈ অহাৰ পিছতে আয়োগে দিল্লী বিশ্ববিদ্যালয়ক লীনা দলে আৰু তেওঁৰ কন্যাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পৰামৰ্শ দিছে।

 জানিব পৰা মতে ইতিমধ্যে দিল্লীৰ মৰিছ নগৰ থানাত এফআইআৰ দাখিল কৰিছে দিল্লী বিশ্ববিদ্যালয়ে। এতিয়া এনচিএছটিৰ তদন্তত এই ভয়ংকৰ জালিয়াতিৰ সবিশেষ পোহৰলৈ আহিছে। আয়োগে অসম চৰকাৰকো লীনা দলেৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ পৰামৰ্শ দিছে।

উল্লেখ্য যে, লীনা দলেৰ নাম পূৰ্বেও কেইবাটাও বিতৰ্কত সাঙোৰ খাইছে। ১০ ছেপ্তেম্বৰত ধুবুৰীত কোচ ৰাজবংশী সম্প্ৰদায়ে জনজাতিকৰণৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। সেই প্ৰতিবাদত আৰক্ষীৰ লাঠীচালনাত বহু প্ৰতিবাদকাৰী আহত হৈছিল। এই ঘটনাৰ পিছতে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই (আক্ৰাছু) এই ঘটনাৰ সৈতে জড়িতসকলৰ কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছিল। তাৰ পৰিপ্ৰেক্ষিতত গৃহ বিভাগে লীনা দলেক শাস্তিমূলক বদলিৰ জাননী জাৰি কৰিছিল। ইয়াৰ উপৰিও আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাতো লীনা দলেৰ নাম সাঙোৰ খাইছিল।