NORTHEAST NOW (Assamese)
Popular Stories

ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ নতুন ৰণনীতি: পেলেষ্টাইনৰ স্বীকৃতিৰ বিৰুদ্ধে প্ৰচাৰ সামাজিক মাধ্যমত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 29, 2025 8:39 pm

পেলেষ্টাইন সমস্যাৰ কাৰণে ইজৰাইল এতিয়া বিশ্বৰ তীব্ৰ হেঁচা লাভ কৰিছে। গাজাৰ আক্ৰমণত ২০২৩ চনৰ অক্টোবৰৰ পৰা প্ৰায় ৬৫,৬০০ পেলেষ্টাইনীৰ মৃত্যু হোৱাৰ পিছত সমালোচনাই থকা-সৰকা কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৭৯ তম অধিবেশনত ভাষণ দিয়াৰ সময়তো আৰব, আফ্ৰিকান আৰু ইউৰোপীয় দেশসমূহৰ কেইবাটাও নেতাই সভা ত্যাগ কৰি প্ৰতিবাদ জনাইছিল। এনে পৰিস্থিতিত নিউয়ৰ্কত নেতানিয়াহুৱে আমেৰিকাৰ সামাজিক মাধ্যমৰ প্ৰভাৱশালী ব্যক্তিসকলক সাক্ষাৎ কৰি ইজৰাইলৰ বিৰুদ্ধে ক্ষোভ প্ৰতিহত কৰাৰ কৌশল ৰচনা কৰা পৰিলক্ষিত হৈছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, নেতানিয়াহুৱে ৰাষ্ট্ৰসংঘৰ ভাষণৰ পিছত নিউয়ৰ্কত ইজৰাইলৰ কনছুলেট জেনেৰেলত আমেৰিকাৰ প্ৰভাৱশালী আৰু ইজৰাইল সমৰ্থকসকলৰ সৈতে বৈঠকত মিলিত হয়। আমেৰিকাৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মক ইজৰাইলৰ সোঁপন্থী সমৰ্থন জোৰদাৰ কৰাৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে নেতানিয়াহুৱে। তেওঁ এক্স (পূৰ্বৰ টুইটাৰ)ৰ প্ৰভাৱশালী ডেব্ৰা লীৰ একাউণ্টত প্ৰচাৰিত এটা ভিডিঅ’ত ছ’চিয়েল মিডিয়াক আমেৰিকাত নিজৰ ঘাটি সুৰক্ষিত কৰাৰ গুৰুত্বপূৰ্ণ অস্ত্ৰ বুলি অভিহিত কৰিছে।

তেওঁ টিকটককো এটা গুৰুত্বপূৰ্ণ মঞ্চ বুলি উল্লেখ কৰি এক্সৰ দৰে প্লেটফৰ্মৰ বিষয়েও উল্লেখ কৰে। ইলন মাস্কৰ সৈতে এই বিষয়ে আলোচনা কৰাৰ কথাও তেওঁ সদৰী কৰিছে। টিকটক আৰু এক্সত প্ৰভাৱ অৰ্জন কৰিলে ইতিবাচক ফলাফল পোৱা যাব পাৰে বুলি দাবী নেতানিয়াহুৰ। আনহাতে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে বৃহস্পতিবাৰে এক কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰি টিকটকৰ আমেৰিকাৰ কাৰ্যকলাপক এটা আমেৰিকান কোম্পানীলৈ হস্তান্তৰৰ চুক্তিৰ মাধ্যমে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ পথ মুকলি কৰিছে। এই ঘটনাই ইজৰাইলৰ নতুন ৰণনীতিৰ পটভূমি আৰু স্পষ্ট কৰি তুলিছে