NORTHEAST NOW (Assamese)
দেশ

বৃদ্ধস্য তৰুণী ভাৰ্যা! ৭৫ বছৰীয়া বৃদ্ধই বিয়া কৰালে ৩৫ বছৰীয়া মহিলাক : ফুলশয্যা নিশাৰ পূৰ্বেই মৃত্যু স্বামীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 1, 2025 4:45 pm

উত্তৰ প্ৰদেশৰ জৌনপুৰ জিলাৰ কুচমুচ গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বিয়াৰ পিছদিনাই মৃত্যু হয় সাংগুৰুৰাম নামৰ ৭৫ বছৰীয়া এজন ব্যক্তিৰ।

এবছৰ পূৰ্বে মৃত্যু হৈছিল সাংগুৰুৰামৰ প্ৰথম পত্নীৰ। যিহেতু তেওঁৰ সন্তান নাছিল, সেয়েহে তেওঁ অকলশৰীয়াকৈ জীৱন নিৰ্বাহ কৰিছিল । কিন্তু দীৰ্ঘদিনীয়া নিসংগতা দূৰ কৰিবলৈ তেওঁ পুনৰ বিয়া কৰাৰ সিদ্ধান্ত লয়।

সাংগুৰুৰামৰ পৰিয়ালৰ বহু লোকে তেওঁক বিয়া নকৰিবলৈ পৰামৰ্শ দিছিল। কিন্তু সকলো আপত্তি আওকাণ কৰি যোৱা ২৯ ছেপ্টেম্বৰৰ মানভতী নামৰ ৩৫ বছৰীয়া এগৰাকী মহিলাক বিয়া কৰাইছিল সাংগুৰুৰামে।

আইনী বিবাহ পঞ্জীয়নৰ পিছত স্থানীয় মন্দিৰত বিবাহৰ অনুষ্ঠান আয়োজন কৰিছিল তেওঁলোকে।

বিয়াৰ পিছত মনভাতীয়ে সাংবাদিকৰ আগত কয় যে তেওঁৰ স্বামীয়ে তেওঁক পৰিয়ালৰ যত্ন লব বুলি আশ্বাস দিছিল। কিন্তু বিয়াৰ পিছদিনা ৰাতিপুৱা হঠাৎ সংগুৰুৰামৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটে। ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

এই আকস্মিক মৃত্যুৱে গাঁওখনত শোকৰ ছাঁ পেলাইছে। বহুতে কয় যে বয়সৰ বাবে এই মৃত্যু হৈছিল। আন বহুতে এই মৃত্যুক সন্দেহজনক বুলি গণ্য কৰিছে।