NORTHEAST NOW (Assamese)
Popular Stories

১৯ অক্টোবৰত জুবিন গাৰ্গৰ সমাধিস্থলত বিশেষ স্মৃতিচাৰণ অনুষ্ঠান…

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 14, 2025 6:37 pm

জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ সম্পূৰ্ণ হ’ব ১৯ অক্টোবৰত। এই উপলক্ষে সোণাপুৰৰ কমাৰকুছিত তেওঁৰ সমাধিস্থলত এক বিশেষ স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হ’ব।

এই কাৰ্যসূচীত প্ৰায় ২০০০ ভকতে একেলগে ভক্তি গীত পৰিৱেশন কৰিব। জুবিন গাৰ্গৰ স্মৃতিত সমন্বয়ৰ প্ৰতীক হিচাপে ১০০ জনৰো অধিক বাঁহীবাদকে সামূহিক সংগীতেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।

সন্ধিয়ালৈ পৰম্পৰাগত অসমীয়া ভাওনা নাট্য প্ৰদৰ্শনেৰে তেওঁৰ আধ্যাত্মিক আৰু কলাত্মক অৱদানক উদযাপন কৰা হ’ব বুলি জানিব পৰা গৈছে।

সম্প্ৰতি পূণ্যতীৰ্থৰ মিলন স্থানলৈ পৰিণত হৈছে এই ঠাইখন। জাতি, ধৰ্ম, নিৰ্বিশেষে সকলোৱে সমবেত হৈ শিল্পীগৰাকীক স্মৰণ কৰে।