পোলেণ্ডৰ ৱাৰ্ছ’ টেকন’লজি বিশ্ববিদ্যালয়ত “ভূপেন দা আন কাট”ৰ প্ৰিমিয়াৰ

পোলেণ্ডস্থিত অসমীয়া সন্থাৰ উদ্যোগত ৱাৰ্ছ’ টেকন’লজি বিশ্ববিদ্যালয়ত চলচ্চিত্ৰ নিৰ্মাতা ববিতা শৰ্মাৰ নিৰ্দেশনাত ৬৫ মিনিট দৈৰ্ঘ্যৰ তথ্যচিত্ৰ “ভূপেন দা আন কাট”ৰ প্ৰিমিয়াৰ অনুষ্ঠিত হয়। ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ ১০০সংখ্যক জন্মজয়ন্তী উপলক্ষে আয়োজিত এই অনুষ্ঠানটো পোলেণ্ডৰ অসমীয়া সমাজৰ প্ৰথম আনুষ্ঠানিক অনুষ্ঠান হিচাপে বিশেষ তাৎপৰ্য বহন কৰিছে।
তথ্যচিত্ৰখনত ভূপেন হাজৰিকাৰ জীৱনৰ বহু অপ্ৰকাশিত দিশ সুনিপুণভাৱে প্ৰতিফলিত হৈছে। দৰ্শকে উচ্ছ্বাসেৰে এই তথ্যচিত্ৰ খনক আদৰণি জনায়। অনুষ্ঠানৰ আৰম্ভণিতে অসমৰ সংগীতজগতৰ অনন্য শিল্পী প্ৰয়াত জুবিন গাৰ্গৰ স্মৃতিত এক মিনিট মৌন প্ৰাৰ্থনা কৰা লগতে তেওঁৰ কবিতা আবৃত্তি কৰা হয়।
তথ্য চিত্ৰখনৰ নিৰ্দেশক ববিতা শৰ্মাই এই অনুষ্ঠানক “অতি মৰ্মস্পৰ্শী আৰু গৌৰৱৰ মুহূৰ্ত” বুলি অভিহিত কৰি পোলেণ্ডৰ অসমীয়া সম্প্ৰদায়ৰ ঐক্য আৰু সংস্কৃতিপ্ৰেমৰ প্ৰশংসা কৰে।
সন্ধিয়াৰ সাংস্কৃতিক অংশত জিতেন্দ্ৰ বুঢ়াগোহাঁই আৰু কিষাণ ডেকাৰ সংগীত পৰিৱেশন দৰ্শকৰ হৃদয় জয় কৰে। তেওঁলোক ভূপেন হাজৰিকাৰ “অ’ বিদেখী বন্ধু” আৰু প্ৰয়াত জুবিন গাৰ্গৰ জনপ্রিয় গীতসমূহেৰে অনুষ্ঠান জীপাল কৰি তুলে।