NORTHEAST NOW (Assamese)
Popular Stories

জুবিন অবিহনে এটা মাহ! ন্যায়ৰ আশাত বন্দী আত্মীয়-গুণমুগ্ধ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 19, 2025 11:06 am

জুবিন গাৰ্গ অবিহনে এটা মাহ সম্পূৰ্ণ হ’ল। জুবিনৰ অনুপস্থিতিত এই ৩০টা দিন অনুৰাগী সকলে কেনেকৈ পাৰ কৰিছে, তাক পৃথকে বহলাই কোৱাৰ প্ৰয়োজন নাই। অসমৰ ভিন্ন প্ৰান্তত আজি আয়োজন কৰা হৈছে শিল্পীগৰাকীৰ মৃত্যুৰ এমহীয়া অনুষ্ঠান।

সোণাপুৰস্থিত জুবিনৰ সমাধি ক্ষেত্ৰত পুৱতি নিশাৰে পৰা অসমৰ ভিন্ন প্ৰান্তৰ পৰা গুণমুগ্ধ আহি উপস্থিত হৈছেহি। পুৱতি নিশা ৪বজাৰে পৰা জুবিনৰ সমাধিক্ষেত্ৰত লোকে লোকাৰণ্য এক পৰিৱেশ।

আজিৰ দিনটোত পুৱা ১০বজাৰ পৰা আৰম্ভ হয় গীতা পাঠ। জুবিনৰ সমাধি ক্ষেত্ৰত এই গীতা পাঠ বিগত দিনকেইটাত সদায়েই অব্যাহত আছে। দিনৰ ১১বজাত নাম-কীৰ্তনৰ লগতে দুপৰীয়া ১২বজাত অনুষ্ঠিত হ’ব সৰ্বধৰ্মীয় প্ৰাৰ্থনা।

বিয়লি ২ বজাৰ পৰা মাহ-প্ৰসাদ বিতৰণকে ধৰি লঘু আহাৰ গ্ৰহণ কৰিব পাৰিব ৰাইজে। বিয়লি ৩বজাত এশ আয়তী দলে একত্ৰিত ভাবে দিহানাম পৰিৱেশন কৰিব। সন্ধিয়া ৫বজাত অনুষ্ঠিত হব এশ বাঁহীবাদকৰ অনুষ্ঠান। নিশা ৭বজাত  বিশিষ্ট বাদ্যযন্ত্ৰী শিল্পীসকলে অনুষ্ঠান পৰিৱেশন কৰিব।

এই সমগ্ৰ অনুষ্ঠানটো জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হ’ব। নিশা ১০বজাত পৰিৱেশন হ’ব অংকীয়া ভাওনা। এই সমগ্ৰ দিনটোৰ কাৰ্যসূচীত ৰাইজৰ দিহা-পৰামৰ্শ কামনা কৰিছে স্থানীয় ডিমৰীয়াবাসী ৰাইজে। লগতে জুবিন অনুৰাগীৰ নাম লৈ কোনোৱে যাতে নিচাযুক্ত দ্ৰব্য সেৱন কৰি অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নকৰে, সেই আহ্বানো জনাই ডিমৰীয়াবাসীয়ে।