NORTHEAST NOW (Assamese)
Popular Stories

দীপাৱলীৰ পিছদিনাই দিল্লীত প্ৰদূষিত ধোঁৱাৰ আৱৰণ! মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক দোষাৰোপ আপ-ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 21, 2025 5:44 pm

দীপাৱলী উদযাপনৰ পিছদিনা পুৱা প্ৰদূষণেৰে আৱৰি থকা ৰাজধানীখনৰ বাবে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ চৰকাৰক দোষাৰোপ কৰে আপে। আপে কয়, ‘মুখ্যমন্ত্ৰীয়ে AQI (Air Quality Index) উচ্চাৰণো কৰিব নোৱাৰে।

দীপাৱলীৰ পিছদিনা পুৱা বিষাক্ত ধোঁৱাই আৱৰি ধৰিছিল ৰাজধানী দিল্লী। বায়ুৰ গুণাগুণ অতি বেয়াৰ পৰা ভয়ংকৰলৈ গতি কৰিছে। সকলোতে ৰেড এলাৰ্ট। প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে কঠোৰ নিৰ্দেশ আৰু আদালতৰ সময়সীমা, সকলোবোৰ যেন ব্যৰ্থ হৈছে। ইয়াৰ ফলত আৰম্ভ হৈছে এক তীব্ৰ ৰাজনৈতিক দোষাৰোপ-প্ৰতি দোষাৰোপৰ খেল।

দিল্লীৰ বায়ু প্ৰদূষণৰ বাবে মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু তেওঁৰ বিজেপি চৰকাৰৰ ব্যৰ্থতাক প্ৰত্যক্ষভাৱে জগৰীয়া কৰিছে আম আদমী পাৰ্টিয়ে। দলটোৰ ৰাজ্যিক সভাপতি সৌৰভ ভৰদ্বাজে ঠাট্টা কৰি কয়, “মুখ্যমন্ত্ৰীয়ে একিউআই উচ্চাৰণো কৰিব নোৱাৰে। তেওঁ কয় আইকিউ, কিউকিউ! চৰকাৰৰ কোনো প্ৰস্তুতি নাছিল। প্ৰদূষণ বন্ধ কৰিবলৈ তেওঁলোকে একো কৰা নাছিল।”

আপে অভিযোগ কৰে যে যেতিয়া ৰাজধানীত প্ৰদূষণৰ জৰুৰীকালীন অৱস্থা হৈছিল তেতিয়া বিজেপি নেতাসকলে তাৰ পৰিৱৰ্তে সাধাৰণ মানুহক ফটকা জ্বলাবলৈ উৎসাহিত কৰিছিল।

সৌৰভ ভৰদ্বাজে লগতে কয়, “চৰকাৰে মিছা কথা কৈছিল। দীপাৱলীৰ পিছত কৃত্ৰিম বৰষুণ দি প্ৰদূষণ বন্ধ কৰিব বুলি কৈছিল। সেয়া ক? মানুহ বেমাৰত পৰিছে, কিন্তু কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।”

কংগ্ৰেছৰ মুখপাত্ৰ শ্বামা মহম্মদে এক্সত লিখিছে, ‘একিউই ৪০০ অতিক্ৰম কৰিলে, বতাহ উশাহ লব নোৱাৰা হৈ পৰিছে।প্ৰধানমন্ত্ৰী মোডী ১১ বছৰে ক্ষমতাত আছে, এতিয়া দিল্লীতো বিজেপি চৰকাৰ আছে।মুখ্যমন্ত্ৰীয়ে আদালতত গৈ ফটকা ফুটাবলৈ অনুমতি বিচাৰিছিল, কিন্তু সেই নিৰ্দেশ মানি নললে।বিজেপিয়ে দিল্লী আৰু ইয়াৰ জনসাধাৰণক সম্পূৰ্ণৰূপে ব্যৰ্থ কৰিছে।

আনহাতে বিজেপিৰ যুক্তি হল চুবুৰীয়া ৰাজ্যসমূহত প্ৰদূষণৰ মূল কাৰণ হৈছে খেৰ জ্বলোৱা। দিল্লীৰ পৰিৱেশ মন্ত্ৰী মঞ্জিন্দৰ সিং ছিৰছাই কয়, “উচ্চতম ন্যায়ালয়ে নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতো চুবুৰীয়া ৰাজ্যত শস্যৰ অৱশিষ্ট জ্বলোৱা হৈছে, ইয়াৰ পৰিণাম দিল্লীয়ে ভোগ কৰি আছে।

বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালৱিয়াই মন্তব্য কৰি কয় যে, “দীপাৱলীক দোষ নিদিব। দিল্লীত আকাশখন ঢাকি ৰাখিছে উৎসৱৰ পোহৰে নহয়, বৰঞ্চ আম আদমী পাৰ্টিৰ শাসনৰ ধোঁৱাই।

সোমবাৰে পুৱা দীপাৱলীৰ নিশাৰ পাছত দিল্লীৰ বতাহত ঘন ধোঁৱা বিয়পি পৰিল। দৃশ্যমানতা কমিছে, মানুহ উশাহ-নিশাহৰ সমস্যাত ভুগিছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড (চিপিচিবি)ৰ তথ্য অনুসৰি পুৱা ১১ বজাত দিল্লীৰ বায়ুৰ গুণাগুণ সূচকাংক (একিউআই) ৩৫৯, যিটো অতি দুৰ্বল। ৩৮টা নিৰীক্ষণ ষ্টেচনৰ ভিতৰত ৩৫টা ৰেড জনত আছিল।

বিশেষজ্ঞসকলৰ মতে এই পৰিস্থিতি হৈছে নাগৰিকৰ অজ্ঞানতা, প্ৰশাসনৰ শিথিলতা আৰু চুবুৰীয়া ৰাজ্যসমূহৰ দায়িত্বহীনতাৰ বাবে