NORTHEAST NOW (Assamese)
অসম

বৈধ ভিছা থকাৰ পিছতো ভাৰতত প্ৰৱেশত বাধা বিশ্ব প্ৰসিদ্ধ গৱেষকক; সমালোচনাৰ সন্মুখীন মোডী চৰকাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 22, 2025 8:55 am

তেওঁৰ বৈধ ভিছা আছিল। কিন্তু তাৰ পিছতো লণ্ডন বিশ্ববিদ্যালয়ৰ ‘স্কুল অৱ অৰিয়েণ্টেল এণ্ড আফ্ৰিকান ষ্টাডিজ’ (SOAS)ৰ প্ৰাক্তন অধ্যাপিকা ফ্ৰান্সেস্কা অৰ্চিনিক ভাৰতত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ল।

অভিযোগ অনুসৰি সোমবাৰে মাজ নিশা দিল্লী বিমানবন্দৰত অৱতৰণ কৰাৰ লগে লগে তেওঁক ওভতাই পঠিয়াই দিয়া হয়। ইতিহাসবিদ ৰামচন্দ্ৰ গুহাই এই ঘটনাক তীব্ৰ গৰিহণা দিছে। তেওঁ কেন্দ্ৰীয় চৰকাৰক ‘নিৰ্বোধ’ বুলি অভিহিত কৰিছে।

দিল্লী বিমানবন্দৰৰ সূত্ৰ অনুসৰি সোমবাৰে মাজ নিশা হংকঙৰ পৰা দিল্লীত অৱতৰণ কৰে ফ্ৰান্সেস্কা অৰ্চিনি। তেওঁ চীনৰ এখন সাহিত্য সন্মিলনত অংশগ্ৰহণ কৰিবলৈ গৈছিল। উভতি অহাৰ পথত তেওঁ ভাৰতীয় বন্ধু-বান্ধৱীসকলক লগ কৰিবলৈ দিল্লীত অৱতৰণ কৰে। কিন্তু বিমানবন্দৰত ভৰি দিয়াৰ লগে লগে তেওঁক ঘূৰাই পঠিওৱাৰ অভিযোগ উঠিছে। কিন্তু কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই।

হিন্দী আৰু উৰ্দু সাহিত্য আৰু ভাৰতীয় ভাষাৰ গৱেষণাৰ বাবে ফ্ৰান্সেস্কাই বিশ্বজুৰি খ্যাতি অৰ্জন কৰিছে। ভাৰতৰ বহু বিশ্ববিদ্যালয়ত তেওঁৰ লেখা আৰু গৱেষণাৰ পাঠদান হয়। এনে এজন শিক্ষাবিদৰ ভাৰতত প্ৰৱেশ নিষিদ্ধকৰণক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। ইমিগ্ৰেচন বিভাগৰ এক সূত্ৰই জনাইছে যে তেওঁৰ ভিছাৰ চৰ্ত উলংঘা কৰাৰ বাবে তেওঁক ব্লেকলিষ্ট কৰা হৈছে।

এই ঘটনাৰ সমালোচনা কৰি ইতিহাসবিদ ৰামচন্দ্ৰ গুহাই এক্স হেণ্ডেলত লিখিছে, ‘অধ্যাপিকা ফ্ৰান্সেস্কা অৰ্চিনি ভাৰতীয় সাহিত্যৰ এগৰাকী বিশিষ্ট পণ্ডিত। তেওঁৰ গৱেষণাই আমাৰ সাংস্কৃতিক ঐতিহ্যক গভীৰভাৱে সমৃদ্ধ কৰিছে। কোনো কাৰণ নেদেখুৱাকৈয়ে তেওঁক দেশৰ পৰা ওভতাই পঠিওৱাটো আত্মবিশ্বাসহীন, আতংকিত আৰু আচলতে নিৰ্বোধ চৰকাৰৰ পৰিচয়।’

অৱশ্যে এয়া প্ৰথমবাৰৰ বাবে নহয়। ২০২২ চনত ব্ৰিটিছ অধ্যাপক ফিলিপো অচেলা আৰু লিণ্ডচে ব্ৰেমনাৰ, আৰু ২০২৪ চনত কাশ্মীৰী-ব্ৰিটিছ অধ্যাপিকা নিতাছা কৌলক বিমানবন্দৰৰ পৰাই ঘূৰাই পঠিওৱা হৈছিল। তাকলৈও বহু বিতৰ্কৰ সৃষ্টি হৈছিল।