NORTHEAST NOW (Assamese)
Popular Stories

দীপাৱলীত হ্ৰাস পালে মহানগৰীৰ বায়ু আৰু শব্দ প্ৰদূষণ…

Posted by: এন ই নাও নিউজ, গুৱাহাটী October 23, 2025 6:53 pm

এইবাৰৰ দীপাৱলীত গুৱাহাটী মহানগৰীত বায়ু আৰু শব্দ প্ৰদূষণৰ মাত্ৰা উল্লেখযোগ্যভাৱে হ্ৰাস পাইছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ বাবে ৰাজ্যজুৰি শোকৰ ছাঁ পৰাৰ ফলত ৰাইজে ফটকা-আতচবাজী কমকৈ ব্যৱহাৰ পৰিলক্ষিত হয়। জুবিনৰ অকাল বিয়োগৰ এমাহ অতিক্ৰম হোৱাৰ পিছতো ৰাজ্যত বিষাদৰ ছাঁ দেখিবলৈ পোৱা গৈছে। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে প্ৰকাশ কৰা তথ্য অনুসৰি এইবাৰ তুলনাত্মক ভাৱে দীপাৱলীৰ সময়ছোৱাত মহানগৰৰ বায়ু প্ৰদূষণ আৰু শব্দ প্ৰদূষণ হ্ৰাস পাইছে ।

উল্লেখ্য যে প্ৰতি বছৰে দীপাৱলীৰ সময়ত ফটকা আৰু আতচবাজীৰ ফলত গুৱাহাটীৰ বায়ু ভয়ংকৰভাৱে প্ৰদূষিত হৈ পৰে, বিশেষকৈ উৎসৱৰ পিছদিনা পৰিৱেশ অতি উদ্বেগজনক হয়। কিন্তু এইবাৰ তাৰ বিপৰীত ছবি দেখা গৈছে। পৰিষদৰ তথ্য অনুসৰি, পূৰ্বৰ তুলনাত বায়ু প্ৰদূষণৰ হাৰ হ্ৰাস পাইছে। দীপাৱলীৰ প্ৰথম দিনটোত গুৱাহাটীত বায়ুমণ্ডলৰ সূচাংক (AQI) ১৪৪ আছিল, আনহাতে দ্বিতীয় দিনটোত ১১৮ লৈ হ্ৰাস পাইছে। পূৰ্বৰ বছৰত, ২০২৪ চনত প্ৰথম দিনটোত AQI ১৫৪ আৰু দ্বিতীয় দিনটোত ৯৩ আছিল। ২০২৩ চনত প্ৰথম দিনটোত ১৫২ আৰু দ্বিতীয় দিনটোত ২৩৪ পৰ্যন্ত উঠিছিল।

বৰ্ষদীপাৱলীৰ প্ৰথম দিনদ্বিতীয় দিন
২০২৫১৪৪১১৮
২০২৪১৫৪৯৩
২০২৩১৫২২৩৪

একেদৰে শব্দ প্ৰদূষণৰ মাত্ৰাও পূৰ্বৰ তুলনাত হ্ৰাস পাইছে। পৰিষদৰ তথ্য অনুসৰি, গুৱাহাটীৰ বিভিন্ন অঞ্চলত শব্দৰ মাত্ৰা তলত দিয়া ধৰণৰ:

বৰ্ষপানবজাৰগণেশগুৰিউলুবাৰী
২০২৫৭৬.৩৬৩.৩৬৬.১
২০২৪৭৮৭২৭২
২০২৩৭৯৭২৭২
২০২২৭৫৭৫৭৪
২০২১৭৪৭৬৭৯
২০২০৭০৬৮৭৪

এই সন্দৰ্ভত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সদস্য সচিব ড° গৌতম কুমাৰ মিশ্ৰই কয়, “এইবাৰ দীপাৱলীৰ সময়ত গুৱাহাটীত বায়ু প্ৰদূষণ আৰু শব্দ প্ৰদূষণৰ মাত্ৰা হ্ৰাস পাইছে। বিশেষকৈ মহানগৰীৰ আৱাসিক এলেকাবোৰত বায়ু আৰু শব্দৰ প্ৰদূষণ হ্ৰাস পাইছে। যিহেতু এইবাৰ জুবিন গাৰ্গৰ অকাল বিয়োগৰ বাবে ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে, সেয়েহে পূৰ্বতকৈ এইবাৰ মহানগৰীত দীপাৱলীৰ সময়ত ফটকা, আতচবাজী কমকৈ ফুটিছে। অকল গুৱাহাটীতে নহয়, এইবাৰ প্ৰতিখন চহৰতে দীপাৱলীৰ সময়ত বায়ু প্ৰদূষণ হ্ৰাস পাইছে। এইবাৰ ছেপ্টেম্বৰৰ পৰাই গুৱাহাটীৰ বায়ুৰ সূচাংক ১০০ ভিতৰতে ‘সন্তোষজনক’ হৈ আছে। দীপাৱলীৰ সময়ত বায়ুৰ সূচাংক ‘মধ্যমীয়া’ হৈ আছে যদিও পূৰ্বৰ তুলনাত বায়ু প্ৰদূষণ হ্ৰাস পাইছে।”

উল্লেখ্য যে বায়ুৰ সূচাংক শূন্যৰ পৰা ৫০ৰ ভিতৰত থাকিলে ‘ভাল’ হিচাপে ধৰা হয়। ৫১ৰ পৰা ১০০ ভিতৰত থাকিলে ‘সন্তোষজনক’ হিচাপে বিবেচিত হয়। আনহাতে ২০১ৰ পৰা ৩০০ৰ ভিতৰত থাকিলে ‘নিম্নমানৰ’ আৰু ৩০১ৰ পৰা ৪০০ৰ মাজত থাকিলে ‘অতি নিম্নমানৰ’ বুলি অভিহিত কৰা হয়। এই পৰিৱৰ্তনে পৰিৱেশ সচেতনতা বৃদ্ধিৰ ইংগিত দিয়া বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।