NORTHEAST NOW (Assamese)
অসম

ৰাজনৈতিক সভা পাতি খেলপথাৰ নষ্ট কৰাক লৈ এইবাৰ সৰৱ হ’ল কংগ্ৰেছ

Posted by: কল্পজ্যোতি শইকীয়া June 11, 2018 9:15 pm
aau playground at Khanapara

খানাপাৰা পশুচিকিৎসাবিজ্ঞান মহাবিদ্যালয় খেলপথাৰ ৰাজনৈতিক কুচকাৱাজস্থলীলৈ ৰূপান্তৰিত হোৱাক লৈ বিভিন্ন অৰাজনৈতিক সংগঠনৰ নেতৃবৰ্গ তথা ক্ৰীড়াবিদসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সমান্তৰালকৈ এইবাৰ বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছৰ কিছু নেতায়ো ইয়াৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰিছে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য্য, কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা নগাওঁ সমষ্টিৰ প্ৰাক্তন বিধায়ক আৰু কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাই এই সম্পৰ্কে নৰ্থ-ইষ্ট নাওৰ আগত আজি নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

অপূৰ্ব ভট্টাচাৰ্য্যই কয়, “খেলপথাৰ হিচাপে খেলা-ধূলাই প্ৰথম প্ৰাধান্য পাব লাগে আৰু তাত কোনো দ্বিমত নাই।”

তদুপৰি তেওঁ ৰাজ্যত বিশেষকৈ গুৱাহাটীত খেলাৰ বাবে ঠাই পৰ্য্যাপ্ত নাই বাবেই খেলপথাৰসমূহ কেৱল খেলা-ধূলাৰ বাবেই সংৰক্ষিত হ’ব লাগে বুলি উল্লেখ কৰে।

ৰাজনৈতিক দলসমূহে সভা অনুষ্ঠিত কৰিবৰ বাবে এখন সুকীয়া পথাৰৰ প্ৰয়োজন আছে বুলিও তেওঁ কয়।

“যদি চৰকাৰে ক্ৰীড়া আৰু ৰাজনৈতিক সভা দুয়োটাৰে মাজত সমন্বয় ৰক্ষা কৰি আগুৱাই নিয়ে তেন্তে ক’বলগীয়া একো নাথাকে।” ভট্টাচাৰ্য্যই কয়।

“যদি মোদীৰ সভা অনুষ্ঠিত কৰাৰ বাবে উন্নতমানৰ কিউৰেটৰৰ দ্বাৰা নিৰ্মিত পিটছখন নষ্ট কৰাৰ অভিযোগ উঠিছে সমগ্ৰ বিষয়টো পৰ্য্যালোচনা কৰাৰ প্ৰয়োজনীয়তা আছে। প্ৰশাসন তথা কৰ্তৃপক্ষৰ লোকসকলো দায়মুক্ত হ’ব নোৱাৰে। জনসভা অনুষ্ঠিত কৰাৰ বাবে গুৱাহাটীত সংৰক্ষিত এলেকা সৃষ্টি কৰাৰ প্ৰয়োজনীয়তা আছে, অন্যথা বিশৃংখল হ’ ব।” এইদৰে কয় ভট্টাচাৰ্য্যই।

তেওঁ কয় যে নিৰাপত্তাৰ দোহাই দি ৰাজহুৱা খেলপথাৰ এখন এসপ্তাহ বা ৩-৪ দিন আবদ্ধ কৰি ৰখা উচিত নহয়।

তদুপৰি তেওঁ এই বিষয়টোৰ ক্ষেত্ৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰকৃত ক্ৰীড়াবিদ, ক্ৰীড়াপ্ৰেমীসকলৰ পৰা পৰামৰ্শ লোৱাৰ বাবে আহ্বান জনোৱাৰ লগতে কয়, “কেৱল প্ৰশাসন, বিষয়া-আমোলাই দিয়া পৰামৰ্শ শুদ্ধ আৰু সঠিক হ’ব নোৱাৰে।”

আনহাতে নগাঁৱৰ প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱাই খেলপথাৰত ৰাজনৈতিক সভা অনুষ্ঠিত কৰা বিষয়টোৰ সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে কয় যে খেলপথাৰ এখন খেলা-ধূলাৰ বাবে সদায় উপযোগী কৰি ৰাখিব লাগে আৰু ৰাজনৈতিক সভা অনুষ্ঠিত কৰাৰ বাবে অন্য এটুকুৰা ঠাইৰ প্ৰয়োজন।

“ক্ৰিকেট পিটচ এখন নষ্ট কৰি ৰাজনৈতিক সভা অনুষ্ঠিত কৰাটো জনসাধাৰণে কেতিয়াও সমৰ্থন নকৰে। মানৱতা, মূল্যবোধ নথকা, মূল্যবৃদ্ধিৰে জনসাধাৰণক হাৰাশাস্তি কৰা অথবা নাৰীক সুৰক্ষা দিব নোৱৰা চৰকাৰ এখনৰ কাৰণে ক্ৰিকেট পিটচ এখন নষ্ট কৰাটো স্বাভাৱিক কথা।” চমুৱাই কয়।

ইয়াৰোপৰি কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাই কংগ্ৰেছৰ দিনতো বিশাল জনসভা অনুষ্ঠিত কৰাৰ কথাটো স্বীকাৰ কৰি কয়, “সকলো ৰাজনৈতিক-অৰাজনৈতিক দল সংগঠনে মিলি কথাটো আলোচনা কৰি গুৱাহাটীৰ কাষৰীয়া ঠাই এটুকুৰা সভা-সমিতি অনু্ষ্ঠিত কৰিবৰ বাবে নিৰ্বাচন কৰিব লাগে।”

তেওঁ লগতে কয়, “লতাশিল খেলপথাৰেই কেৱল ক্ৰিকেট খেলাৰ একমাত্ৰ খেলপথাৰ হ’ব নালাগে, খানাপাৰা পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰখনো এৰি দিব লাগে।”

“ছাত্ৰ-ছাত্ৰী অথবা অন্য খেলুৱৈসকলক বঞ্চিত কৰি ৰাজনৈতিক সভা অথবা মেলা অনুষ্ঠিত কৰি খেলপথাৰ এখন আবদ্ধ কৰি ৰখাটো অনুচিত।” ববিতা শৰ্মাই কয়।

তদুপৰি ববিতা শৰ্মাই ৰাজনৈতিক সভা অথবা ৰেলি অনুষ্ঠিত কৰিবৰ বাবে কোনো শিক্ষা প্ৰতিষ্ঠানৰ সৈতে সম্পৰ্ক নথকা মুকলি ঠাই এডোখৰ নিৰ্বাচন কৰিবৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনায়।