NORTHEAST NOW (Assamese)
অসম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘জিচিইউ মডেল ইউনাইটেড নেচনছ কনফাৰেন্স ২০২৫’ৰ ঘোষণা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 28, 2025 4:40 pm

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ফ্লেগশ্বিপ ইভেণ্ট জিচিইউ মডেল ইউনাইটেড নেচনছ কনফাৰেন্স ২০২৫ৰ দ্বিতীয় সংস্কৰণ। ইয়াৰ অধীনত তিনিদিনীয়া হ’বলগা ‘প্ৰত্যাহ্বান, পৰিৱৰ্তন আৰু বিজয়’ শীৰ্ষক অনুষ্ঠানটো অহা ১৪, ১৫ আৰু ১৬ নৱেম্বৰত বিশ্ববিদ্যালয়খনৰ আজাৰা কেম্পাছত অনুষ্ঠিত হ’ব।

পূৰ্বৰ দৰেই এইবাৰো এই অনুষ্ঠানটো বিশ্ববিদ্যালয়খনৰ এক প্ৰধান সমাৱেশ হিচাপে পৰিগণিত হ’ব, যাৰ দ্বাৰা সমগ্ৰ অসম আৰু অসমৰ বাহিৰৰ বিভিন্ন প্ৰতিষ্ঠানৰ যুৱ-ছাত্ৰ নেতা আৰু আগশাৰীৰ কূটনীতিবিদসকলক আকৰ্ষিত কৰা হ’ব। ৰাষ্ট্ৰসংঘৰ প্ৰকৃত কাম-কাজৰ প্ৰতিফলন ঘটাই ফ্লেগশ্বিপ ইভেণ্ট জিচিইউ মডেল ইউনাইটেড নেচনছ কনফাৰেন্স ২০২৫ৰ অংশগ্ৰহণকাৰীসকলক আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু শাসনৰ জটিল জগতখনৰ লগত পৰিচয় কৰাবলৈ চেষ্টা কৰা হ’ব।

তিনিদিনৰ ভিতৰত প্ৰতিনিধিসকলে ৰাষ্ট্ৰসংঘৰ কাৰ্যবিধিৰ অনুকৰণ কৰিব। প্ৰতিনিধি সকলে বিতৰ্ক কৰিব আৰু সহযোগিতামূলকভাৱে কিছুমান অতি জৰুৰী বিশ্বব্যাপী প্ৰত্যাহ্বানৰ সমাধান বিচাৰিব।

আনুষ্ঠানিক বিতৰ্কৰ বাহিৰেও এই সন্মিলনখনে বিশ্ব নাগৰিকত্বৰ বাবে অপৰিহাৰ্য জটিল দক্ষতাসমূহ নিখুঁত কৰাৰ বাবে এক নিবিড় কৰ্মশালা হিচাপে কাম কৰিব। ইয়াৰ দ্বাৰা অংশগ্ৰহণকাৰীসকলে আলোচনা আৰু কূটনীতি, নেতৃত্ব আৰু দলীয় কাম, ৰাজহুৱা ভাষণ আৰু সমালোচনাত্মক চিন্তাধাৰাৰ অমূল্য অভিজ্ঞতা লাভ কৰিব।

আগ্রহী অংশগ্ৰহণকাৰী আৰু প্ৰতিষ্ঠানসমূহে আয়োজক সমিতিৰ সৈতে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে:

ইমেইল: [email protected]
ফোন: ৬৯০০৫৯১৬২৮, ৭০০২২৮৬৬৮৬
ইনষ্টাগ্ৰাম: @gcu_mun