NORTHEAST NOW (Assamese)
Popular Stories

বন্দুক এৰি ইউনিফৰ্মত নতুন জীৱন! ম’ষ্ট ৱান্টেড মাওবাদীৰ পৰা কেনেকৈ ধনঞ্জয় হ’ল নিৰাপত্তাৰক্ষী?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 30, 2025 11:52 am

হিংসা, গুলী, বোমা, বাৰুদ, আত্মগোপন কৰি থকা জীৱন এৰি বহু দিনৰ আগতেই মূল সূঁতিলৈ ঘূৰি আহিছিল তেওঁ। ঠিৰাং কৰিছিল সেইবোৰ কাম আৰু তেওঁ নকৰে। সঁচাকৈয়ে মন দি মানুহৰ বাবে তেওঁ কাম কৰিব। সেই লক্ষ্যত আজি বহু পৰিমাণে সফল এসময়ৰ মষ্ট ৱান্টেড মাওবাদী নেতা ধনঞ্জয় গোপ

ওড়িশাৰ মলকনগিৰিৰ ধনঞ্জয় (ছদ্মনাম সুধীৰ) আজি ৰাজ্যৰ মানুহৰ নিৰাপত্তা দিয়াত নিয়োজিত। এসময়ত যাৰ মূৰৰ দাম আছিল ৫ লাখ টকা, সেই ধনঞ্জয়ে এতিয়া মলকানগিৰি ব্লাড বেংকত নিৰাপত্তাৰক্ষীৰ দায়িত্ব পালন কৰিব লগা হৈছে; যি সমাজৰ বিৰুদ্ধে এদিন অস্ত্ৰ তুলি লৈছিল, আজি সেই সমাজৰেই সুৰক্ষা তেওঁৰ হাতত ন্যস্ত

ছয় বছৰ পূৰ্বে, ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ কোৰাপুট আৰক্ষী প্ৰশাসনৰ ওচৰত আত্মসমৰ্পণ কৰিছিল। প্ৰায় ১৪-১৫ বছৰ সক্ৰিয় হৈ থকাৰ পিছত বন্দুক নমাই শান্তিৰ পথ বাছি লয়। তেওঁ দীৰ্ঘদিন ধৰি গুম্মা এৰিয়া কমিটিৰ ডিভিজনেল কমিটি মেম্বাৰ (ডিচিএম) হিচাপে কাম কৰিছিল, লগতে ২০০৯ চনত কালিমেলা অঞ্চলতো যথেষ্ট সক্ৰিয় আছিল। সেই সময়ত তেওঁৰ বিৰুদ্ধে কেইবাটাও হত্যাকাণ্ড আৰু অগ্নিসংযোগৰ অভিযোগ আছিল। দক্ষিণ-পশ্চিম ৰেঞ্জৰ ডিআইজি হিমাংশু লালৰ সন্মুখত এইজন বিদ্ৰোহীয়ে আত্মসমৰ্পণ কৰে।

ধনঞ্জয়ৰ দৰেই আন এজন প্ৰাক্তন মাওবাদী ৰামা মাদকামি (ছদ্মনাম দীনেশ)-ও আজি জীৱনৰ নতুন পথত আগবাঢ়ি গৈছে। ২০১৫ চনত বালিমেলা অঞ্চলৰ এই মাওবাদীজনে আত্মসমৰ্পণ কৰিছিল। তেওঁ মলকনগিৰি-কোৰাপুট বৰ্ডাৰ ডিভিজন (এমকেবিডি)-ৰ সক্ৰিয় সদস্য আছিল। বৰ্তমান তেওঁ মলকনগিৰি হাস্পতালত নিৰাপত্তাৰক্ষী হিচাপে কাম কৰি আছে।