NORTHEAST NOW (Assamese)
অসম

ডিব্রুগড়ৰ চি কে শৰ্মা আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত অসম পুলিচ ব্লুজ

Posted by: এন ই নাও নিউজ June 12, 2018 8:47 am
Football match

ডিব্রুগড়ৰ চৌকিদিঙী খেলপথাৰত অনুষ্ঠিত চি কে শৰ্মা আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত উপনীত হৈছে অসম পুলিচ ব্লুজ। ডিব্রুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত চলি থকা প্ৰতিযোগিতাখনৰ কালি অনুষ্ঠিত প্ৰথমখন দিবা-নৈশ ছেমি ফাইনেলত দলটোৱে গোলাঘাট এফ চিক টাইব্ৰেকাৰত পৰাস্ত কৰে।

তীব্ৰ প্ৰতিদ্বন্দ্বিতাপুৰ্ণ খেলখনত নিৰ্ধাৰিত সময়লৈকে কোনো এটা দলে গ’ল দিব নোৱৰাত খেলখন সামৰণি পৰাৰ পিছত অসম পুলিচ ব্লুজ দলে টাইব্ৰেকাৰত ৪-২ গ’লৰ ব্যৱধানত নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰে।

বিজয়ী দলৰ হৈ টাইব্ৰেকাৰত এন বিকাশ সিং, অভিজিৎ দুৱৰা, দৌলত হাজৰিকা আৰু অজয়ে গ’ল দিয়াৰ বিপৰীতে গোলাঘাট এফ চিৰ হৈ মানস প্ৰতিম সোণোৱাল আৰু ৰাজীৱ কৰ্মকাৰে গ’ল দিবলৈ সক্ষম হয়।

কালি অনুষ্ঠিত এই খেলখনৰ পৰিচালনা কৰিছিল জীৱন গগৈ, ইন্দ্ৰজিৎ চেতিয়া, বিষ্ণুজ্যোতি লাচন আৰু অসীম হাজৰিকাই।