NORTHEAST NOW (Assamese)
অসম

গৌৰৱ গগৈ ১০০% ‘পাকিস্তানী এজেণ্ট’, সময়ত প্ৰমাণ দিম : আকৌ শূন্যত গদা ঘূৰাইছে হিমন্ত বিশ্ব শৰ্মাই!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 1, 2025 12:25 pm

অসমৰ ৰাজনীতি পুনৰ উত্তাল হৈ পৰিছে। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈক পুনৰ ‘পিউৰ পাকিস্তানী এজেণ্ট’ বুলি আখ্যা দিছে আৰু তেওঁৰ বিৰুদ্ধে মানহানি গোচৰ তৰিবলৈ প্ৰত্যাহ্বান জনাইছে।

মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈক “পিউৰ পাকিস্তানী এজেণ্ট” বুলি অভিহিত কৰি কয়, “মই এইদৰে কোৱাৰ বাবে যদি সাহস আছে মোৰ ওপৰত মানহানি গোচৰ তৰক। মোৰ ওচৰত উপযুক্ত প্ৰমাণ আছে, যিদিনাখন মই আপোনালোকক দিম সিদিনাখন আপোনালোকে গম পাব তেওঁ ১০০% পাকিস্তানী এজেণ্ট।”

তেওঁ দাবী কৰে যে তেওঁৰ হাতত থকা তথ্য অনুসৰি গৌৰৱ গগৈ মুক্ত আকাশৰ তলত থাকিব নোৱাৰে, কিন্তু নিৰ্বাচনৰ বাবেহে এতিয়া কোনো কঠোৰ ব্যৱস্থা লোৱা নাই, যাতে বিষয়টো ৰাজনৈতিক কাৰণত লোৱা বুলি মানুহে ক’ব নোৱাৰে।

তেওঁ স্পষ্ট কৰি দিয়ে যে শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া শেষ হোৱাৰ পাছতহে এই সন্দৰ্ভত সকলো তথ্য ৰাজহুৱা কৰা হ’ব, কাৰণ এতিয়া এই বিষয় আনিলে ৰাইজে ভাবিব যে জুবিন গাৰ্গৰ ইছ্যু ডাইভাৰ্ট কৰিবলৈ চেষ্টা কৰা হৈছে।

লগতে, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈক মুখ্যমন্ত্ৰীয়ে ‘ডুপ্লিকেট ন্যায় বিচৰা পাৰ্টী’ বুলি কটাক্ষ কৰে।

তেওঁ প্ৰত্যাহ্বান জনায় কয় যে যদি তেওঁলোকে সঁচাকৈয়ে জুবিনৰ ন্যায় বিচাৰে, তেন্তে তেওঁলোকে নিৰ্বাচন নেখেলো বুলি ঘোষণা কৰক।