NORTHEAST NOW (Assamese)
Popular Stories

আইনৰ পৰিসৰৰ ভিতৰত থাকক আমেৰিকা: ৰাষ্ট্ৰসংঘৰ সতৰ্কবাণী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 1, 2025 8:17 pm

কেৰিবিয়ান আৰু প্ৰশান্ত মহাসাগৰত ড্ৰাগছ সৰবৰাহৰ অভিযোগত বহু সংখ্যক নাৱৰ ওপৰত আমেৰিকাই চলোৱা মাৰাত্মক আক্ৰমণক লৈ ৰাষ্ট্ৰসংঘই আমেৰিকাক কঠোৰভাৱে সতৰ্ক কৰি দিছে। বিগত দুমাহত হোৱা এই আক্ৰমণসমূহত ৬০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ অভিযোগ উঠিছে।

ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ মুৰব্বী ভলকাৰ টাৰ্কে এই আক্ৰমণক আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা বুলি অভিহিত কৰিছে। তেওঁ কয় যে এই কাৰ্যসমূহ যথাযথ প্ৰক্ৰিয়া অবিহনে সংঘটিত হোৱা ন্যায় বহিৰ্ভূত হত্যাকাণ্ড (Extrajudicial Killing) আৰু ৱাশ্বিংটনে এনে আক্ৰমণ তাৎক্ষণিকভাৱে বন্ধ কৰা উচিত।

ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ মুৰব্বী ভলকাৰ টাৰ্কে স্পষ্ট কৰি কয় যে ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে যুঁজ দিয়াটো প্ৰয়োজনীয় যদিও মাৰাত্মক আক্ৰমণ ইয়াৰ সমাধান নহয়।

টাৰ্কে আঙুলিয়াই দিয়ে যে আইন অনুসৰি, এনে মাৰাত্মক শক্তি তেতিয়াহে ব্যৱহাৰ কৰিব পাৰি, যেতিয়া জীৱন তাৎক্ষণিক বিপদত পৰে।

তেওঁ অভিযোগ কৰে যে আমেৰিকাই নিজৰ আক্ৰমণৰ বিষয়ে অতি কম তথ্য প্ৰদান কৰিছে।

তেওঁ ৱাশ্বিংটনক মাৰাত্মক আক্ৰমণৰ পৰিৱৰ্তে জাহাজসমূহ ৰখাই দিয়া, সন্দেহযুক্ত লোকক আটক কৰা আৰুতেওঁলোকৰ বিৰুদ্ধে গোচৰ চলোৱাৰ দৰে বৈধ ব্যৱস্থা ল’বলৈ আহ্বান জনায়।

আনহাতে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই আক্ৰমণৰ পক্ষত থিয় দি কয় যে অবৈধ ড্ৰাগছ সৰবৰাহ বন্ধ কৰিবলৈ এই আক্ৰমণ প্ৰয়োজনীয়।

ট্ৰাম্পে দাবী কৰে যে আন্তঃৰাষ্ট্ৰীয় জলসীমাত এই নাওসমূহত আক্ৰমণ কৰাৰ আইনী অধিকাৰ তেওঁৰ আছে। আৰু এই অঞ্চলসমূহত আমেৰিকাই নৌসেনাৰ জাহাজ, যুঁজাৰু বিমান, আনকি বিশ্বৰ আটাইতকৈ ডাঙৰ যুদ্ধজাহাজ ইউ এছ এছ জেৰাল্ড আৰ ফৰ্ড (USS Gerald R. Ford) ক নিয়োগ কৰি সামৰিক স্থিতি বৃদ্ধি কৰিছে।

ইফালে আমেৰিকাৰ এই কাৰ্যকলাপত লেটিন আমেৰিকাৰ দেশসমূহ ক্ষোভিত হৈ পৰিছে। মেক্সিকো, কলম্বিয়া আৰু ভেনিজুৱেলাই আমেৰিকাৰ এই কাৰ্যক গৰিহণা দিছে।

ড্ৰাগছ সৰবৰাহ ৰোধ কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি আমেৰিকাই কলম্বিয়াৰ ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰ’ৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। ইয়াৰোপৰি ট্ৰাম্পে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৰ বিৰুদ্ধে ড্ৰাগছ মাফিয়াৰ সৈতে গোপন বুজাবুজি কৰাৰো অভিযোগ উত্থাপন কৰিছে।

এইতিয়া ৰাষ্ট্ৰসংঘৰ এই সতৰ্কবাণীৰ পিছত আমেৰিকাৰ ট্ৰাম্প প্ৰশাসনে কেনে পদক্ষেপ লয়, সেয়া লক্ষ্যণীয় হ’ব।