NORTHEAST NOW (Assamese)
Popular Stories

অনলাইন জুৱা আৰু বাজিৰ এপ নিষিদ্ধ কৰাৰ আবেদন! শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

Posted by: এন ই নও নিউজ, গুৱহটী Updated by: এন ই নও নিউজ, গুৱহটী November 4, 2025 8:56 am

সম্প্ৰতি দেশত অনলাইন জুৱা আৰু বাজিৰ প্লেটফৰ্মসমূৰ পয়োভৰ বৃদ্ধি পাইছে। এই অবৈধ কাৰ্যকলাপ নিয়ন্ত্ৰণৰ ববে কৰা এক আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে ৩ নৱেম্বৰত ছ’চিয়েল মিডিয়া বা স্প’ৰ্টছ গেমৰ নামত চলি থকা অনলাইন জুৱা আৰু বাজিৰ প্লেটফৰ্মসমূহ নিষিদ্ধ কৰাৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিছিল।

ন্যায়াধীশ জে.বি. পাৰদিৱালা আৰু কে.ভি. বিশ্বনাথনৰ বিচাৰপীঠে আজি এই আবেদনৰ শুনানি গ্ৰহণ কৰিব।

চেণ্টাৰ ফৰ একাউণ্টেবিলিটি এণ্ড চিষ্টেমিক চেঞ্জৰ (CASC) অধিবক্তা বিৰাগ গুপ্তাই জনোৱা মতে, তেওঁলোকে ইতিমধ্যে প্ৰায় ২০০০টা এনে এপৰ তথ্য চৰকাৰক প্ৰদান কৰিছে।

গুপ্তাই উল্লেখ কৰে যে এই এপসমূহৰ পৰা শিশুসকলক সুৰক্ষা দিয়াটোৱেই মূল লক্ষ্য।

উল্লেখ্য যে আবেদনখনত অনলাইন জুৱা আৰু বাজিৰ প্লেটফৰ্মসমূৰ নিয়ন্ত্ৰণৰ বাবে ইলেক্ট্ৰনিক্স আৰু আই টি, তথ্য আৰু সম্প্ৰচাৰ, বিত্ত, আৰু যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ক একে লগে কাম কৰিবলৈ আহ্বান জনোৱা হৈছে।

তেওঁলোকে ৰাজ্যিক আইন আৰু ছ’চিয়েল মিডিয়া বা স্প’ৰ্টছ গেমৰ বেশত চলি থকা জুৱা আৰু বাজি নিষিদ্ধ কৰাৰ বাবে ‘নতুন অনলাইন গেমিং প্ৰমোচন এণ্ড ৰেগুলেচন এক্ট, ২০২৫’ৰ বিষয়েও বিবেচনা কৰিবলৈ আহ্বান জনাইছে।

অধিবক্তাসকলে চৰকাৰে আই টি আইনৰ ধাৰা ৬৯এৰ অধীনত সকলো অবৈধ জুৱাৰ ৱেবচাইট বন্ধ কৰাৰ পোষকতা কৰিছে।

লক্ষ্যনীয়ভাৱে ভাৰতৰ বেছিভাগ ৰাজ্যতে বাজি আৰু জুৱা অবৈধ। তথাপিও ৬৫ কোটিতকৈ অধিক লোকে এই গেমসমূহ খেলে, যি এই প্লেটফৰ্মসমূহৰ বাবে বছৰি ১.৮লাখ কোটিতকৈ অধিক ৰাজহ আহৰণ কৰে। এই ক্ষেত্ৰত ন্যায়ালয়ে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া লক্ষ্যনীয় হ’ব।