NORTHEAST NOW (Assamese)
Popular Stories

৪৮ ঘণ্টাৰ ভিতৰত বাতিল কৰিলে লোৱা নহ’ব মাচুল: অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে সলালে নিয়ম

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 4, 2025 12:10 pm

বিমান যাত্ৰীসকলক টিকট কটাৰ ৪৮ ঘণ্টাৰ ভিতৰত অতিৰিক্ত ধন অবিহনে টিকট বাতিল বা সংশোধন কৰিবলৈ অনুমতি দিয়া হ। শেহতীয়াকৈ বিমান পৰিবহণ সংস্থা ডিজিচিএই টিকট বাতিল বা সালসলনিৰ নিয়মত যথেষ্ট পৰিৱৰ্তনৰ ইংগিত দিছে

ইয়াৰ উপৰিও অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে প্ৰস্তাৱ দিছে যে ট্ৰেভেল এজেণ্ট/পৰ্টেলৰ জৰিয়তে টিকট ক্ৰয় কৰাৰ ক্ষেত্ৰত এজেণ্টসকল বা তেওঁলোকৰ দ্বাৰা নিযুক্ত প্ৰতিনিধিক সময়মতে ধন ঘূৰাই দিয়াৰ দায়িত্ব বিমান সংস্থাসমূহৰ ওপৰত থাকিব।

উল্লেখ্য যে বিমান যাত্ৰীসকলক সকাহ দিবলৈ অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে (ডিজিচিএ) নন-ৰিফাণ্ডেবল বিমান টিকটৰ ওপৰত নিজৰ অসামৰিক বিমান পৰিবহণৰ প্ৰয়োজনীয়তা (চিএআৰ)ৰ খচৰা সংশোধনীৰ কথা বিবেচনা কৰিছে।

বৰ্তমানত থকা কঠোৰ ধন ঘূৰাই দিয়া নীতিৰ ওপৰত বৃদ্ধি পোৱা অভিযোগৰ মাজতে যাত্ৰীৰ অধিকাৰ সুনিশ্চিত কৰাৰ লক্ষ্যৰে লোৱা এই পদক্ষেপে যাত্ৰীসকলক কিছু সকাহ প্ৰদান কৰিব।