NORTHEAST NOW (Assamese)
Popular Stories

‘এয়া কি পাগলামি’! ব্ৰাজিলৰ মডেল লাৰিছাৰ ভাইৰেল ভিডিঅ’ত প্ৰতিক্ৰিয়া

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 6, 2025 1:25 pm

দুহেজাৰ চৌবিশ (২০২৪) চনৰ হাৰিয়ানা বিধানসভা নিৰ্বাচনত ব্যাপক ভোটৰ ৰিগিং সংঘটিত হৈছিল! বুধবাৰে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে এই অভিযোগ উত্থাপন কৰি বিজেপি আৰু নিৰ্বাচন আয়োগক তীব্ৰ সমালোচনা কৰে। একে সময়তে তেওঁ দাবী কৰে যে ভোটাৰ তালিকাত মুঠ ২২টা পৃথক নামৰে ব্ৰাজিলৰ এগৰাকী মডেলৰ ছবি ব্যৱহাৰ কৰা হৈছে। তাৰ পিছতে দেশজুৰি বিতৰ্কৰ সৃষ্টি হ’ল।

জানিব পৰা মতে মহিলাগৰাকীৰ নাম লাৰিছা (Larissa)চিয়েল মিডিয়াত এটা ভিডিঅমেছেজত লাৰিছাই কয়, “এয়া কি পাগলামি! ভাৰতীয় ৰাজনীতিৰ লগত মোৰ কোনো সম্পৰ্ক নাই। মোৰ ছবিখন ষ্টক ইমেজ প্লেটফৰ্মে কিনিছিল। তাৰ পিছত কত ব্যৱহাৰ কৰা হৈছিল, মই নাজানো। মই কেতিয়াও ভাৰতলৈ যোৱা নাই। মই ব্ৰাজিলৰ ডিজিটেল ইনফ্লুৱেন্সাৰ আৰু কেশসজ্জাবিদ (Hairstylist)মই ভাৰতীয়সকলক ভাল পাওঁ।”

তেওঁ লগতে কয়, “মোৰ ছবিখনৰ ওপৰত বহু ভাৰতীয়ই মন্তব্য কৰিছে। মোৰ ছবিখন ভাৰতীয় সংবাদ মাধ্যমত শ্বেয়াৰ কৰা হৈছে। কিন্তু মই স্পষ্টকৈ কব বিচাৰোঁ যে ছবিখন মোৰ, কিন্তু ভোটৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই।” লাৰিছাই স্পষ্টকৈ দাবী কৰে যে তেওঁ মডেল নহয়। বহু ভাৰতীয় সাংবাদিকে তেওঁৰ সৈতে সাক্ষাৎকাৰৰ বাবে যোগাযোগ কৰিছে। ভাৰতীয় সংবাদ মাধ্যমে লাৰিছাক ব্ৰাজিলৰ ৰহস্যময়মডেল বুলি অভিহিত কৰিছে।

উল্লেখ্য যে কিছুদিন ধৰি ৰাহুল গান্ধীয়ে হাইড্ৰজেন বোমাবিস্ফোৰণ কৰিব বুলি চৰ্চা চলি আছিল। অৱশেষত বুধবাৰে ৰাহুলে সেই বোমাবিস্ফোৰণ কৰে। কালিৰ দিনটোতে তেওঁ দিল্লীত সংবাদমেল অনুষ্ঠিত কৰি বিগত বৰ্ষৰ হাৰিয়ানা বিধানসভা নিৰ্বাচনত ভোটিং ৰিগিংৰ অভিযোগ উত্থাপন কৰে।

ৰাহুলে দাবী কৰে যে হাৰিয়ানাৰ মুঠ ভোটাৰৰ ১২ শতাংশ অৰ্থাৎ ২৫ লাখ ভোটাৰ ভুৱা। সেই ভুৱা ভোটাৰক ব্যৱহাৰ কৰি বিজেপিয়ে হাৰিয়ানা বিধানসভা নিৰ্বাচনত জয়লাভ কৰে। তেওঁ কয়, “হাৰিয়ানাত মুঠ ২ কোটি ভোটাৰ আছে। ইয়াৰে ২৫ লাখ ভুৱা।” তেওঁ দাবী কৰে যে কংগ্ৰেছক পৰাস্ত কৰিবলৈ গেৰুৱা শিবিৰে ইচ্ছাকৃতভাৱে ভোটাৰ তালিকৰ লগত খেলিমেলি কৰিছিল।

ইয়াৰ পিছত ৰাহুলে ব্ৰাজিলিয়ান মডেলৰ ছবি দেখুৱায়। তেওঁ দাবী কৰে যে তেওঁৰ ছবিখন ভোটাৰ তালিকাত মুঠ ২২টা নামেৰে ব্যৱহাৰ কৰা হৈছে আৰু তেওঁ হাৰিয়ানাৰ ১০টা ভিন্ন বুথত ভোটদান কৰিছিল।