NORTHEAST NOW (Assamese)
Popular Stories

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ নিৰ্বাচনত চাৰিওখন আসনত জয়ী বাওঁপন্থী, এবিভিপিৰ শোচনীয় পৰাজয়

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 7, 2025 9:05 am

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা। বাওঁপন্থী ছাত্ৰ সংগঠনসমূহে কেন্দ্ৰীয় পেনেলৰ চাৰিওখন আসন লাভ কৰিছে। সভাপতি, উপ-সভাপতি, যুটীয়া সম্পাদক, আৰু সাধাৰণ সম্পাদক পদত জয়ী হৈছে বাওঁপন্থী প্ৰাৰ্থী। বিগত বৰ্ষত এখন আসন লাভ কৰা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে এইবাৰ এখনো আসন লাভ কৰিবলৈ সক্ষম নহয়।

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ সভাপতি পদত অদিতি মিশ্ৰ, উপ-সভাপতি পদত কিশাকুট গোপীকা বাবু, সাধাৰণ সম্পাদক পদত সুনীল যাদৱ, আৰু যুটীয়া সম্পাদক পদত দানিছে জয়লাভ কৰে। কংগ্ৰেছ সমৰ্থিত ছাত্ৰ সংগঠন এনএছইউআইয়েও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও চাৰিখন আসনৰ কোনো এখনতে মূল প্ৰতিদ্বন্দ্বিতাত স্থান লাভ কৰা নাছিল।

মঙলবাৰে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ভোটদানৰ পিছত বৃহস্পতিবাৰে সন্ধিয়া ফলাফল ঘোষণা কৰা হয়। বুধবাৰে নিশালৈকে চাৰিওটা স্থানতে বাওঁপন্থী প্ৰাৰ্থী আগবাঢ়ি থকা দেখা গৈছিল যদিও বৃহস্পতিবাৰে পুৱা গণনা আৰম্ভ হোৱাৰ লগে লগে পুনৰ গতি সলনি হ‘বলৈ ধৰে। কিন্তু শেষত বাওঁ ঐক্যৰ প্ৰাৰ্থীসকলে পুনৰ অগ্ৰগতি লাভ কৰিলে আৰু এই অগ্ৰগতিয়ে চূড়ান্ত ফলাফলত বিজয়ী সাব্যস্ত কৰে।

উল্লেখ্য যে জেএনইউৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত ভোটদান ই ভি এম মেচিনৰ পৰিৱৰ্তে বেলট পেপাৰেৰেহে কৰা হয়, গতিকে ভোট গণনাত কিছু দীঘল সময়ৰ প্ৰয়োজন হয়।