NORTHEAST NOW (Assamese)
অসম

কূটাঘাতৰ পৰিকল্পনা? দিল্লীৰ সমীপতে উদ্ধাৰ ৩৫০ কেজি RDX, AK-47 ৰাইফল আৰু বৃহৎ গুলী-বাৰুদ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 10, 2025 11:25 am

পাকিস্তানৰ সমৰ্থিত এটা নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠনে ভাৰতত পুনৰ কূটাঘাতৰ পৰিকল্পনা কৰিছে। চোৰাংচোৱাৰ সূত্ৰৰ পৰা এই তথ্য অহাৰ পিছত নতুন দিল্লী সষ্টম হৈ পৰিছে। সন্ত্ৰাসবাদ দমন কৰিবলৈ আৰক্ষী প্ৰশাসন আৰু সেনা অধিক সজাগ হৈ পৰিছে।

কাশ্মীৰত AK-47 ৰাইফল ৰখাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা এজন চিকিৎসকৰ সূত্ৰৰ ভিত্তিত এইবাৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ কৰা হয়। দিল্লীৰ সমীপৰ হাৰিয়ানাৰ ফৰিদাবাদ অঞ্চলৰ পৰা প্ৰায় ৩৫০ কেজি আৰ ডি এক্স, এ কে ৪৭ ৰাইফল আৰু বৃহৎ পৰিমাণৰ গুলী-বাৰুদ উদ্ধাৰ কৰা হৈছে।

অনন্তনাগ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আৱাসী চিকিৎসকজনৰ জেৰাৰ সময়ত পোৱা তথ্যৰ আধাৰত জম্মু-কাশ্মীৰ আৰক্ষীয়ে এই সন্ধান লাভ কৰে। জানিব পৰা মতে, ফৰিদাবাদত ডাঃ আদিল আহমেদ ৰাথেৰৰ জেৰাৰ সময়ত পোৱা তথ্যৰ ভিত্তিত এই অস্ত্ৰসমূহ উদ্ধাৰ কৰা হৈছে।

অনন্তনাগ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ আন এজন চিকিৎসক মুজাহিল শকীলৰ হাৰিয়ানাৰ ঘৰত বিস্ফোৰক আৰু অস্ত্ৰ-শস্ত্ৰ মজুত কৰি ৰাখিছিল। তেওঁক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত আছে। ইয়াৰ পূৰ্বে জম্মু-কাশ্মীৰ আৰক্ষীয়ে অনন্তনাগৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ ৰাথেৰৰ লকাৰৰ পৰা এটা এ কে-৪৭ ৰাইফল আৰু গুলী জব্দ কৰে।

বিষয়াসকলে জনোৱা মতে, জম্মু-কাশ্মীৰ আৰু হাৰিয়ানা আৰক্ষীৰ যৌথ অভিযানত এই বিপুল পৰিমাণৰ বিস্ফোৰক আৰু অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে। ইয়াৰ পূৰ্বে অস্ত্ৰ আইন আৰু বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত অভিযোগ উত্থাপন কৰা হৈছিল। ধৃত চিকিৎসকজনৰ পৰা তদন্তত পোহৰলৈ আহিছে যে সন্ত্ৰাসবাদী সংগঠনে এতিয়া সংগঠনটোত উচ্চ শিক্ষিত লোকক নিযুক্তি দি আছে।

আৰক্ষীয়ে জনোৱা মতে, দিল্লীৰ ইমান ওচৰতে বিস্ফোৰক মজুতৰ আঁৰৰ পৰিকল্পনা এতিয়াও জানিব পৰা হোৱা নাই। এই ঘটনাৰ সবিশেষ জানিবলৈ তদন্ত অব্যাহত আছে। সকলোৰে চকুৰ আঁৰত ইমানবোৰ বিস্ফোৰক কেনেকৈ ৰাজধানীৰ ইমান ওচৰ পালেগৈ তাৰো তদন্ত চলি আছে।

জানিব পৰা মতে মহানগৰীৰ বিভিন্ন স্থানত জয়ছ-ই-মহম্মদৰ প্ৰচাৰৰ পোষ্টাৰ পোৱা গৈছে। ইয়াৰ পিছতে শ্ৰীনগৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰে। তদন্তৰ সময়ত এজন ব্যক্তিয়ে চিচিটিভিৰ ফুটেজত পোষ্টাৰ লগোৱা দেখা গৈছে। তেওঁক ডাঃ ৰাথেৰ বুলি চিনাক্ত কৰা হৈছে। যোৱা সপ্তাহত জম্মু-কাশ্মীৰ আৰক্ষীয়ে ছাহাৰানপুৰৰ পৰা চিকিৎসকজনক বিচাৰি উলিয়াই গ্ৰেপ্তাৰ কৰে।

এতিয়া জম্মু-কাশ্মীৰ আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ কৰিছে। পাকিস্তান অধিকৃত কাশ্মীৰৰ পৰা অভাৰ গ্ৰাউণ্ড ৱৰ্কাৰ (OGW) আৰু সন্ত্ৰাসবাদী সংগঠনটোৰ কমাণ্ডাৰসকলৰ বিৰুদ্ধে ব্যাপক তালাচী অভিযান চলোৱা হৈছে।

এজন আৰক্ষী বিষয়াই কয়, “এই অভিযানৰ মূল উদ্দেশ্য হৈছে সন্ত্ৰাসবাদীক সহায় কৰা আন্তঃগাঁথনি ধ্বংস কৰা।ইয়াৰ ভিতৰত সক্ৰিয় সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সীমা অতিক্ৰম কৰা হেণ্ডলাৰসকলক লজিষ্টিক, আৰ্থিক আৰু মতাদৰ্শগত সহায় আগবঢ়োৱা নেটৱৰ্ক ধ্বংস কৰাও অন্তৰ্ভুক্ত।”

এই অভিযানসমূহৰ লক্ষ্য হৈছে সন্ত্ৰাসবাদী সংগঠনসমূহৰ বাবে লজিষ্টিক আৰু আৰ্থিক সহায় ব্যৱস্থাত ব্যাঘাত জন্মোৱা। উগ্ৰপন্থীক সমৰ্থনৰ সকলো পথ বিচ্ছিন্ন কৰিবলৈ শ্বোপিয়ানকে ধৰি কেইবাখনো জিলাত অ’জিডব্লিউ আৰু ইউএপিএ আইনৰ অধীনত অভিযুক্তসকলৰ বাসগৃহত তালাচী চলোৱা হৈছে।