NORTHEAST NOW (Assamese)
অসম

অব্ৰাহ্মণৰে বিবাহ নিষেধ : পুনৰ এনে নকৰিবলৈ ব্ৰাহ্মণ সমাজক কঠোৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ June 12, 2018 11:39 pm
Guwahati-High-Court-678x381

অব্ৰাহ্মণ জাতৰ লোকৰ সৈতে বিয়াত বহা ব্ৰাহ্মণ জাতিৰ লোকক সমাজৰ পৰা বহিষ্কাৰ কৰা হ’ব বুলি দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সমাজে জাৰি কৰা আদেশ সন্দৰ্ভত সংগঠনটোক পুনৰ এনেকুৱা প্ৰস্তাৱ নল’বলৈ আজি ১২ জুনত কঠোৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

ভৱিষ্যতে এনে সিদ্ধান্ত ল’লে বিহিত ব্যৱস্থা লোৱা হ’ব বুলিও ব্ৰাহ্মণ সমাজক সকীয়াই দিয়ে ন্যায়ালয়ে।

অধিবক্তা অনুপম শৰ্মাই ব্ৰাহ্মণ সমাজৰ প্ৰস্তাৱৰ বিৰুদ্ধে দাখিল কৰা ৰাজহুৱা স্বাৰ্থজড়িত আবেদন গ্ৰহণ কৰি যোৱা ৪ এপ্ৰিল বুধবাৰে উক্ত সংগঠনটো আৰু জিলাৰ উপায়ুক্তলৈ জাননী জাৰি কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে।

উক্ত জাননীৰ পিছতে ব্ৰাহ্মণ সমাজে তেওঁলোকৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছিল।

সাংবাদিকৰে হোৱা কথা-বতৰাত অধিবক্তা শৰ্মাই পূৰ্বে জনাইছিল যে যোৱা ২০১৭ চনতে প্ৰায় এবছৰ আগতেই তেওঁ সংশ্লিষ্ট জিলাৰ উপায়ুক্তক ব্ৰাহ্মণ সমাজৰ এই সিদ্ধান্তসমূহৰ বিষয়ে জনাইছিল কিন্তু উপায়ুক্তই কোনো ব্যৱস্থা নোলোৱা বাবে তেওঁ উচ্চ ন্যায়ালয়ত এই আবেদনখন দাখিল কৰিছিল।

যোৱা ২০১৬ চনৰ ১৯ মাৰ্চতে এখন সভাযোগে ১৯২১ চনত প্ৰতিষ্ঠিত ব্ৰাহ্মণ সংগঠনটোৱে লোৱা এইধৰণৰ সিদ্ধান্তসমূহ অধিবক্তাজনৰ আবেদনখনৰ জৰিয়তে পোহৰলৈ আহে।

সভাখনত অসবৰ্ণ বিবাহত বহা লোকক ‘তৎকালে’ সমাজৰ পৰা ‘বহিষ্কাৰ’ কৰাৰ সিদ্ধান্তৰ লগতে এনে লোকৰ মাংগলিক কৰ্ম-কাণ্ডত ব্ৰাহ্মণ ৰান্ধনীকে ধৰি পুৰোহিতৰ অংশগ্ৰহণ নিষেধ কৰি আৰু এনে লোকক মাংগলিক অনুষ্ঠানলৈ নিমন্ত্ৰণ নিষিদ্ধ কৰি ব্ৰাহ্মণ সমাজে প্ৰস্তাৱ গ্ৰহণ কৰিছিল।

‘মই নিজে ব্ৰাহ্মণ’ বুলি উল্লেখ কৰি আবেদনকাৰী অধিবক্তা শৰ্মাই আজিৰ দিনত এই বামুণ, কোঁচ, কলিতা আদি বিভাজন নচলে বুলি পূৰ্বে মন্তব্য কৰিছিল।

‘সমাজৰ অভ্যন্তৰীণ, সামাজিক, ধৰ্মীয় নীতিত কুঠাৰাঘাত কৰি সমাজৰ সুনাম বিনষ্ট কৰিবলৈ এচামে সমাজৰ পৰিপন্থী কামত লিপ্ত হোৱা দেখা গৈছে। সমাজৰ বিস্তৰ ক্ষতি কৰিব পৰা তেনে বিষয়সমূহৰ ওপৰত বিস্তৃত আলোচনা কৰি এই প্ৰস্তাৱসমূহ গ্ৰহণ কৰা হৈছে’ বুলি ব্ৰাহ্মণ সমাজৰ গৃহীত প্ৰস্তাৱত কোৱা হৈছিল।