NORTHEAST NOW (Assamese)
দেশ

জম্মু-কাশ্মীৰৰ নৌগাম থানাৰ সমীপত বিস্ফোৰণ: কমেও ১২ জনৰ মৃত্যু, ২৫ জন আহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 15, 2025 8:22 am

জম্মু-কাশ্মীৰৰ নৌগাম আৰক্ষী থানা চৌহদৰ ওচৰত শুকুৰবাৰে নিশা প্ৰায় ১১:২২ বজাত এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়।

এই ঘটনাত এতিয়ালৈকে ১২ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে, লগতে ২৫ জন লোক গুৰুতৰভাৱে আহত হৈছে। আহতসকলৰ ভিতৰত কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

বিস্ফোৰণৰ খবৰ পোৱাৰ লগে লগে নিৰাপত্তাৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু তদন্তৰ বাবে স্নিফাৰ ডগ নিয়োগ কৰে।

শ্ৰীনগৰৰ উপায়ুক্ত অক্ষয় লাব্ৰুৱেও আহতসকলক সাক্ষাৎ কৰিবলৈ চিকিৎসালয়ত উপস্থিত হয়। ঘটনাৰ সবিশেষ তথ্যৰ বাবে এতিয়াও অপেক্ষা কৰা হৈছে।