NORTHEAST NOW (Assamese)
Popular Stories

সংবিধানৰ বাহিৰলৈ গৈ ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালক সময়সীমা দিব পাৰিনে? উচ্চতম ন্যায়ালয়ে আজি দিব মতামত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 20, 2025 8:03 am

ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিক বিধেয়ক গৃহীত কৰিবলৈ সময়সীমা দিব পাৰিবনে? এই সন্দৰ্ভত বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে নিজৰ মতামত প্ৰকাশ কৰিব। মন কৰিবলগীয়া যে সংবিধানৰ একাধিক অনুচ্ছেদৰ উদ্ধৃতি দি ৰাষ্ট্ৰপতিয়ে ১৪টা প্ৰশ্ন কৰে। মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে এই বিষয়ত শুনানি গ্ৰহণ কৰে। এইবাৰ উচ্চতম ন্যায়ালয়ে নিজৰ মতামত প্ৰকাশ কৰিব।

১২ এপ্ৰিলত উচ্চতম ন্যায়ালয়ৰ দুজনীয়া বিভাগীয় বিচাৰপীঠে ৰায় দিছিল যে ৰাজ্যপাল বা ৰাষ্ট্ৰপতিয়েও বিধায়িনী দলে গৃহীত কৰা কোনো বিধেয়ক অনিৰ্দিষ্টকাললৈ ৰখাব নোৱাৰে। সেই বিধেয়কখনৰ সন্দৰ্ভত তেওঁলোকে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সিদ্ধান্ত লব লাগিব। কিন্তু প্ৰশ্ন হৈছিল, উচ্চতম ন্যায়ালয়ে ৰাজ্যপাল বা ৰাষ্ট্ৰপতিক এনে ‘নিৰ্দেশনা দিব পাৰিবনে? উচ্চতম ন্যায়ালয়ে ইয়াৰ উত্তৰ দি কয় যে সংবিধানৰ ১৪২ নং অনুচ্ছেদ অনুসৰি উচ্চতম ন্যায়ালয়ে আইনৰ বাহিৰলৈ গৈ ‘ন্যায় প্ৰতিষ্ঠাৰ উদ্দেশ্যে বিশেষ ৰায়দান দিব পাৰে। এই গোচৰতো উচ্চতম ন্যায়ালয়েও একেই কাম কৰিলে।

কিন্তু উচ্চতম ন্যায়ালয়ৰ ৰায়ক লৈ আপত্তি স্বৰূপে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সংবিধানৰ ১৪৩ নং অনুচ্ছেদৰ অধীনত প্ৰদান কৰা বিশেষ ক্ষমতাৰ উদ্ধৃতি দি উচ্চতম ন্যায়ালয়ৰ ৰায় সন্দৰ্ভত ১৪টা প্ৰশ্ন উত্থাপন কৰে। ফলত এই ৰায় পুনৰীক্ষণৰ বাবে পাঁচজনীয়া ৰাষ্ট্ৰপতিৰ ৰেফাৰেন্স বেঞ্চ গঠন কৰা হয়। মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ নেতৃত্বত গঠিত পাঁচজনীয়া বিচাৰপীঠক কেন্দ্ৰই কয় যে ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিৰ কাৰ্যালয় ৰাজনৈতিকভাৱে স্বায়ত্তশাসিত। তেওঁলোকে গণতান্ত্ৰিক প্ৰশাসনতকৈ উন্নত আদৰ্শত বিশ্বাস কৰে।

ছেপ্টেম্বৰ মাহত দুয়োপক্ষৰ যুক্তি শুনি উচ্চতম ন্যায়ালয়ে কয় যে ৰাষ্ট্ৰপতিৰ ৰেফাৰেন্স বেঞ্চে কেৱল ‘উপদেষ্টাৰ ভূমিকাহে পালন কৰিব পাৰে। ১২ এপ্ৰিলৰ ৰায়দান কোনো ধৰণে সলনি কৰাটো তেওঁলোকৰ কাম নহয়। অৰ্থাৎ ১২ এপ্ৰিলৰ ৰায়ৰ কোনো পৰিৱৰ্তন হোৱা নাই। কিন্তু ৰাষ্ট্ৰপতিৰ প্ৰশ্নৰ উত্তৰত উচ্চতম ন্যায়ালয়ে নিজৰ মতামত দিব। ১০ দিনীয়া শুনানিৰ অন্তত উচ্চতম ন্যায়ালয়ে নিজৰ মতামত সংৰক্ষিত কৰিছে।