NORTHEAST NOW (Assamese)
অসম

লণ্ডন-নিবাসী অসমীয়া দম্পতিলৈ বাকিংহাম পেলেচৰ ৰাজকীয় আতিথ্য

Posted by: এন ই নাও নিউজ June 13, 2018 4:37 pm
bhargab sharma (1)

লণ্ডন-নিবাসী অসমীয়া দম্পতী ভাৰ্গব শৰ্মা আৰু তেওঁৰ পত্নী ড০ সাম্যামী চৌধুৰী শৰ্মা বাকিংহাম পেলেচত অনুষ্ঠিত হোৱা গাৰ্ডেন পাৰ্টী ত উপস্থিত থকাৰ বিৰল গৌৰৱৰ অধিকাৰী হৈছে। এই ৰাজকীয় পাৰ্টীটো যোৱা ৫জুনত অনুষ্ঠিত হৈ গৈছে।

মহাৰাণী এলিজাবেছে বছৰত ৪ বাৰকৈ এই পাৰ্টীৰ আয়োজন কৰি আহিছে। এই পৰম্পৰাটো ১৮৬০ চনত আৰম্ভ হৈছিল।

বৃটেইনৰ সামাজিক জীৱনলৈ তথা অসামৰিক সেৱা খণ্ডলৈ অৱদান আগবঢ়োৱা ব্যক্তিসকলক পুৰস্কৃত কৰাৰ বাবে বাকিংহাম প্ৰাসাদৰ ফালৰ পৰা এই পাৰ্টীৰ আয়োজন কৰা হয়।

ভাৰ্গব শৰ্মা হৈছে লণ্ডনস্থিত এগৰাকী কৰ্প’ৰেট বেংকাৰ আৰু বৰ্তমান আৰএছবিৰ সৈতে কৰ্মৰত হৈ আছে। তেওঁ হৈছে এগৰাকী প্ৰসিদ্ধ লিখক আৰু ক্ৰিকেটাৰ। তেওঁ গঁড় সংৰক্ষণৰ বাবে সমগ্ৰ বিশ্বজুৰি পুঁজি সংগ্ৰহ কৰে।

তেওঁৰ পত্নী সাম্যামী হৈছে এগৰাকী শিশু ৰোগ বিশেষজ্ঞা। তেওঁৰ জন্ম ইংলেণ্ডত হৈছিল আৰু ৱাৰৱিক মেডিকেল কলেজত চিকিৎসাবিজ্ঞান অধ্যয়ন কৰিছিল। তেওঁৰ বিশেষ অধ্যয়নৰ পৰিক্ষেত্ৰ হৈছে শিশু স্নায়ুৰোগ। তাৰোপৰি সাম্যামী হৈছে ভাৰতীয় শাস্ত্ৰীয় কণ্ঠ সংগীত আৰু বাঁহী শিল্পী। অসমৰ সংগীত, সংস্কৃতিক অসমৰ বাহিৰলৈ লৈ যোৱা সকলৰ ভিতৰত তেওঁ হৈছে এগৰাকী পথ প্ৰদৰ্শক।

সাম্যামী চৌধুৰী শৰ্মা শিশুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধৰ হ’কে ৰাষ্ট্ৰীয় সমাজ (National Society for Prevention of Cruelty to Children), ব্ৰেইন টিউমাৰ চেৰিটী আদি বিভিন্ন দাতব্য অনুষ্ঠানৰ সৈতে জড়িত।

ব্ৰিটিছ লোকসকলৰ মাজৰ প্ৰতিনিধি হিচাপে অতিথিসকলক আমন্ত্ৰণৰ বাবে মনোনীত কৰা হয়। এই আমন্ত্ৰণ এটা বিৰল সন্মান হিচাপে গণ্য কৰা হয়।