NORTHEAST NOW (Assamese)
Popular Stories

ডুবাই এয়াৰ শ্ব’ত দুৰ্ঘটনাগ্ৰস্ত ভাৰতীয় বায়ুসেনাৰ তেজস যুঁজাৰু বিমান; পাইলট নিহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 21, 2025 5:04 pm

শুকুৰবাৰে (২১ নৱেম্বৰ, ২০২৫) ডুবাই এয়াৰশ্বত ভাৰতীয় বায়ুসেনাৰ তেজস যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি ভাৰতীয় বায়ুসেনাই নিশ্চিত কৰিছে। এই দুৰ্ঘটনাত পাইলটজন নিহত হয়।

এক্সত এক বিবৃতিযোগে ভাৰতীয় বায়ুসেনাই কয় যে, “আই এ এফে পাইলটজনৰ জীৱন হেৰুৱাৰ বাবে গভীৰভাৱে দুখ প্ৰকাশ কৰিছে আৰু এই দুখৰ সময়ত শোকসন্তপ্ত পৰিয়ালটোৰ সৈতে দৃঢ়তাৰে থিয় দিছে। দুৰ্ঘটনাৰ কাৰণ নিৰ্ণয় কৰিবলৈ এখন আদালত গঠন কৰা হৈছে।

সোমবাৰে (১৭ নৱেম্বৰ) মুকলি হোৱা ডুবাই এয়াৰশ্ব ২০২৫ৰ পঞ্চম দিনটোত বিমান প্ৰদৰ্শনী কাৰ্যসূচীৰ সময়ত বিমানখনে প্ৰদৰ্শন কৰিছিল।

দিনৰ প্ৰায় ২:১৫ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। স্থানীয় সময় অনুসৰি প্ৰদৰ্শনী বিমানৰ সময়ত।

উল্লেখ্য যে ২০২৪ চনৰ ১২ মাৰ্চত জয়ছালমেৰত অপাৰেচনেল প্ৰশিক্ষণৰ সময়ত আই এ এফৰ তেজস লাইট কম্বেট এয়াৰক্ৰাফ্টৰ (এল চি এ) দুৰ্ঘটনা সংঘটিত হৈছিল।

জেট বিমানখনে ২৪ বছৰ পূৰ্বে ২০০১ চনৰ ০৪ জানুৱাৰীত প্ৰথমখন উৰণ আৰম্ভ কৰিছিল। ১৯৮৪ চনত লাইট কম্বেট এয়াৰক্ৰাফ্ট (এল চি এ)-তেজস প্ৰস্তুত কৰা হৈছিল। ২০০৩ চনৰ মে মাহত তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে থলুৱা একক ইঞ্জিনৰ যুঁজাৰু বিমানখনক ‘তেজস নামেৰে নামাকৰণ কৰিছিল।