বালিপৰাত বন বিভাগৰ ব্যৰ্থতা উদঙাই বনৰীয়া হাতীৰ গচকত পুনৰ প্ৰাণ গ’ল এজনৰ

ৰাজ্যজুৰি নৈমিত্তিক চলি থকা হাতী-মানুহৰ সংঘাত ৰোধত দায়িত্বত থকা চৰকাৰী কৰ্তৃপক্ষসমূহৰ ব্যৰ্থতা প্ৰমাণ কৰি আজি ১৩ জুনৰ পুৱতি নিশা শোনিতপুৰৰ বালিপৰাৰ ওচৰৰ সোণাই মিৰি গাঁৱত কুমাৰ ছেত্ৰী নামৰ এজন লোকে বনৰীয়া হাতীৰ হাতত প্ৰাণ হেৰুৱাব লগা হ’ল।
সোণাই মিৰি গাঁৱত প্ৰৱেশ কৰি হাতীটোৱে লোকজনক গচকৈ মৰাৰ লগতে ৩টা বাসগৃহো ভাঙি পেলায়।
জানিব পৰা মতে আজি পুৱতি নিশা প্ৰায় ৩ মান বজাত বালিপৰা সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত গাওঁখনত প্ৰৱেশ কৰিছিল হাতীটোৱে।