NORTHEAST NOW (Assamese)
অসম

বিজেপি নেত্ৰীয়ে বিয়পাইছে ভুৱা বাতৰি; ৱটচএপৰ স্ক্ৰীনশ্বটেৰে প্ৰত্যাহ্বান জ্যেষ্ঠ সাংবাদিকৰ

Posted by: এন ই নাও নিউজ June 13, 2018 7:20 pm
BJP

ভুৱা বাতৰিয়ে বিয়পোৱা আতংকই কাৰ্বি আংলঙত অঘটন ঘটোৱাৰ লগতে ৰাজ্যজুৰি জনসাধাৰণক আতংকিত কৰি ৰখাৰ পৰতে শাসকীয় বিজেপি দলকে ভুৱা বাতৰি সন্দৰ্ভত প্ৰত্যাহ্বান জনাইছে জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই।

bjp behind fake news in assam, claims journo
অতনু ভূঞাৰ দাবী

‘অসম আৰক্ষীক এই মেচেজটো বিয়পোৱা বিজেপি নেত্ৰী বৰ্ণালী পেগুক গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান’ জনাই ভূঞাই ‘অসম বিজেপিৰ সাহ আছে বুলি মই নাভাবো’ বুলি বিজেপিক প্ৰত্যাহ্বান জনাইছে।

লখিমপুৰ বিজেপিৰ ‘ফণীধৰ বৰুৱা জিন্দাবাদ’ নামৰ এটা ৱটচেপ গ্ৰুপৰ জৰিয়তে বৰ্ণালী পেগু নামৰ এগৰাকী বিজেপি নেত্ৰীয়ে ‘বিহাৰৰ পৰা ৫০০ মান নৰপিশাচ আহি…হিজৰা ভাও ধৰি…কাটি মাৰি লুটপাট’ কৰা বুলি এটা ভুৱা বাতৰি বিলোৱা বুলি অভিযোগ কৰি ভূঞাই ৱটচেপ মেচেজটোৰ স্ক্ৰীনশ্বট ৰাজহুৱা কৰিছে।

প্ৰমাণসহ সাংবাদিকগৰাকীৰ এই প্ৰত্যাহ্বানৰ পিছত অসম আৰক্ষী, চৰকাৰ আৰু বিজেপিৰ ভূমিকা লক্ষণীয় হ’ব।

উল্লেখযোগ্য যে ৰাজ্যজুৰি ভুৱা বাতৰিয়ে বিয়পোৱা সন্ত্ৰাসৰ আঁৰত ৰাজনৈতিক চক্ৰান্ত থকা বুলি ইয়াৰ পূৰ্বে বিভিন্ন সংগঠন আৰু ব্যক্তিয়েও সন্দেহ প্ৰকাশ কৰিছিল।