NORTHEAST NOW (Assamese)
Popular Stories

‘পৰিয়ালৰ অপৰাধ কি?’ ‘বুলডজাৰ একচন’ৰ বিৰুদ্ধে যোগীক সমালোচনা প্ৰাক্তন ন্যায়াধীশ বি আৰ গাভাইৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 27, 2025 8:22 am

বুলডজাৰৰ ব্যৱহাৰক লৈ পুনৰবাৰ মুখ মেলিলে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি আৰ গাভাই-এ। ভাৰতৰ প্ৰাক্তন ন্যায়াধীশ বি আৰ গাভাইয়ে বিভিন্ন অপৰাধীৰ ঘৰ ভাঙি পেলোৱাৰ বাবে বুলডজাৰ ব্যৱহাৰক তীব্ৰ সমালোচনা কৰিছে। তেওঁ ৰাজ্য চৰকাৰে বুলডজাৰৰ ব্যৱহাৰক আদালতৰ দৰে আচৰণ আৰু যথাযথ প্ৰক্ৰিয়া অবিহনে সামূহিক শাস্তি প্ৰদানৰ উদাহৰণ বুলি অভিহিত কৰে।

গাভাইয়ে সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ আগত কয় যে এই প্ৰথাৰ অৰ্থ হল ৰাষ্ট্ৰই নিজেই অপৰাধীক দোষী সাব্যস্ত কৰিছে। তদুপৰি সমগ্ৰ পৰিয়ালটোক কোনো অন্যায় নোহোৱাকৈ শাস্তি প্ৰদান কৰা হৈছে। তেওঁ কয়, “যেতিয়া এজন নাগৰিক অপৰাধমূলক কামত জড়িত বুলি প্ৰমাণিত হয়, তেতিয়া তেওঁৰ পৰিয়ালৰ অপৰাধ কি? তেওঁলোকৰ ঘৰটো বুলডজাৰেৰে কিয় ভাঙি পেলাব লাগে, প্ৰশাসনে ন্যায়াধীশ হিচাপে কাম কৰিব নোৱাৰে। তেওঁৰ মতে, বুলডজাৰ ব্যৱহাৰ কৰাটো আচলতে অপৰাধীৰ পৰিয়াল আৰু ঘৰৰ অন্যান্য নিৰীহ বাসিন্দাসকলৰ মৌলিক অধিকাৰ খৰ্ব কৰা।

গাভাইয়ে যুক্তি দিছিল যে সাংবিধানিক অধিকাৰ ৰক্ষাৰ বাবে ন্যায়িক সক্ৰিয়তা প্ৰয়োজনীয় যদিও ই নিজৰ সীমাৰ ভিতৰত থাকিব লাগিব। ন্যায়াধীশ গাভাইয়ে জোৰ দি কয় যে যদি পিছত কোনো ঘৰ ভাঙি পেলোৱা কাম অবৈধ বুলি ধৰা পৰে তেন্তে চৰকাৰে পুনৰ নিৰ্মাণ কৰিব লাগিব।