NORTHEAST NOW (Assamese)
Popular Stories

পশ্চিম বংগত ২৬ লাখ ভোটাৰৰ নাম বাদ পৰাৰ আশংকা! বাঢ়িব পাৰে এই সংখ্যা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 27, 2025 1:10 pm

বিহাৰৰ পিছত দেশৰ ১২ খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ (SIR) প্ৰক্ৰিয়া চলি আছে। এই প্ৰক্ৰিয়াৰত বিহাৰৰ পিছতে সৰ্বাধিক চৰ্চাত আছে পশ্চিম বংগ। ৰাজ্যখনত বৃহৎ সংখ্যক ভোটাৰৰ নাম বাদ পৰিব পাৰে বুলি পূৰ্বতে কৰা আশংকা এতিয়া বাস্তৱলৈ পৰিণত হোৱাৰ দিশে। নিৰ্বাচন আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে যে এতিয়ালৈকে ৬ কোটি ভোটাৰৰ ভিতৰত প্ৰায় ২৬ লাখ ভোটাৰৰ ঠিকনাৰ মিল নাই (SIR matching)আয়োগৰ বিষয়াৰ মতে, দাখিল কৰা গণনা প্ৰ-পত্ৰৰ পৰীক্ষণৰ কাম আগবাঢ়ি যোৱাৰ লগে লগে এই সংখ্যা আৰু বৃদ্ধি পাব।

তদুপৰি, আয়োগে নতুন নিৰ্দেশনাত উল্লেখ কৰিছে যে যদি তথ্য পৰীক্ষণৰ সময়ত অনলাইনত নামৰ মিল নাথাকে, তেন্তে ছপা ভোটাৰ তালিকাও ব্যৱহাৰ কৰিব পৰা যাব। SIR-ৰ কামত সুবিধা আৰু তদাৰকৰ বাবে আজি ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগে দিল্লীৰ পৰা তিনিগৰাকী বিষয়াক ৰাজ্যখনলৈ প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰে।

ইফালে, সোমবাৰে ৰাজ্যিক বিএলঅ’ৰ অধিকাৰ সুৰক্ষা সমিতিৰ কাৰ্যালয়ত যাত্ৰা আৰু তাৰ ফলস্বৰূপে সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতি সন্দৰ্ভত বুধবাৰে আয়োগৰ সম্পাদক সুজিত কুমাৰ মিশ্ৰই কলকাতা আৰক্ষী আয়ুক্তলৈ এখন পত্ৰ লিখিছে। পত্ৰখনত অহা ৪৮ ঘণ্টাৰ ভিতৰত এই সন্দৰ্ভত “একচন ৰিপৰ্ট” দাখিল কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে।

SIR-ৰ কামৰ অত্যধিক চাপৰ ফলত মুঠ তিনিজন বিএলঅ’ (বুথ লেভেল অফিচাৰ) অসুস্থ হৈ চিকিৎসাধীন হৈছে। সাংসদ অভিষেক বেনাৰ্জীয়ে হস্তক্ষেপ কৰি নামখানাৰ এজন অসুস্থ বিএলঅ’ক পি জি হাস্পতালত ভৰ্তি কৰাৰ ব্যৱস্থা কৰিছে।

আনহাতে, উত্তৰ ২৪ পৰগনাৰ বঙাইগাঁৱৰ এজন বিএলঅ’ হাৰ্ট এটেকত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈছে। বঙাইগাঁও-উত্তৰ সমষ্টিৰ বিএলঅ’ সুশান্ত ছিকদাৰৰ পৰিয়ালে অভিযোগ কৰিছে যে ৫৭ বছৰীয়া বিদ্যালয় শিক্ষকগৰাকীৰ ডায়েবেটিছ আৰু ৰক্তচাপৰ সমস্যা থকা স্বত্বেও তেওঁ বিএলঅ’ হিচাপে কাম কৰাৰ বাবে অতিৰিক্ত মানসিক চাপত ভুগিছিল। তেওঁৰ পত্নী সুমিতা কিতাদাৰে জনোৱা মতে, সোমবাৰে হঠাৎ অসুস্থ হোৱাৰ বাবে তেওঁক প্ৰথমে বঙাইগাঁও মহকুমা চিকিৎসালয়লৈ আৰু পিছত কল্যাণী চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়।

ইয়াৰ মাজতে, দক্ষিণ ২৪ পৰগনাৰ মহেষ্টলাত ফৰিদা খাতুন নামৰ এগৰাকী বিএলঅ’ক অসুস্থতাৰ বাবে কৰ্তব্য পালন নকৰাৰ বাবে শ্ব’-ক’জ নোটিচ জাৰি কৰা হৈছে। জানিব পৰা মতে, তেওঁ মুঠ ৮১২ খন প্ৰ-পত্ৰ বিতৰণ কৰাৰ পিছত ৪৫০ খনহে সংগ্ৰহ কৰিছিল। অসুস্থ হৈ পৰাৰ পিছত তেওঁ বাকী ফৰ্ম সংগ্ৰহ কৰা নাছিল আৰু বহু প্ৰ-পত্ৰ ডিজিটেলাইজ কৰা হোৱা নাছিল। সেয়েহে তেওঁক এই জাননী দিয়া হৈছে।