NORTHEAST NOW (Assamese)
অসম

পতঞ্জলিৰ নিম্নমানৰ গৰুৰ ঘিউ বিক্ৰী! পৰীক্ষাত ব্যৰ্থ, ১.৪ লাখ টকা জৰিমনা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 30, 2025 11:59 am

যোগগুৰু ৰামদেৱৰ কোম্পানী পতঞ্জলিৰ বিৰুদ্ধে নিম্নমানৰ গৰুৰ ঘিউ বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ বাবে পতঞ্জলি ঘিউৰ নিৰ্মাতা আৰু বিতৰকক আদালতে মুঠ ১.৪ লাখ টকাৰ জৰিমনা বিহিছে। কিন্তু পতঞ্জলি আয়ুৰ্বেদ লিমিটেডে বিষয়টো ভুল আৰু অবৈধ বুলি দাবী কৰিছে।

উত্তৰাখণ্ডৰ পিথোৰাগড়ত পতঞ্জলি ঘিৰ নমুনা ৰাজ্য আৰু কেন্দ্ৰীয় ব্যৰ্থ হোৱাৰ পিছত অতিৰিক্ত জিলা দণ্ডাধীশ আদালতে পতঞ্জলি ঘিউৰ নিৰ্মাতা, বিতৰক আৰু খুচুৰা বিক্ৰেতাক ১.২৫ লাখ আৰু ১৫ হাজাৰ টকাৰ জৰিমনা বিহিছে।

পিথোৰাগড়ৰ সহকাৰী খাদ্য সুৰক্ষা আয়ুক্ত আৰ কে শৰ্মাই কয়, ‘এডিএম পিথোৰাগড় আদালতত খাদ্য সুৰক্ষা আইনৰ ৪৬/৪ ধাৰাত তিনিজন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। যিটোৰ ১৯ নৱেম্বৰত ৰায়দান কৰিছিল, তাৰে প্ৰতিলিপি আমি পাইছো।’

তেওঁ কয় যে ঘিউৰ নমুনা সংগ্ৰহ কৰি ৰুদ্ৰপুৰৰ ৰাজ্যিক খাদ্য পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছি। যি পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰিলে। তাৰ পিছত ব্যৱসায়ীসকলে কেন্দ্ৰীয় চৰকাৰৰ পৰীক্ষাগাৰত পৰীক্ষাৰ বাবে অনুৰোধ জনায়। তাতো পতঞ্জলিৰ ঘিউ পাৰ হ’ব নোৱাৰিলে।

পিথোৰাগড়ৰ সহকাৰী খাদ্য সুৰক্ষা আয়ুক্তই জনোৱা মতে, তেতিয়া খাদ্য সুৰক্ষা বিষয়া দিলীপ কুমাৰ জৈনক কে এছ ডি এম আদালতত গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। চলিত মাহৰ ১৯ নৱেম্বৰত এই ৰায়দান কৰা হৈছে।

পতঞ্জলি আয়ুৰ্বেদ লিমিটেডৰ এক বিবৃতিত কোৱা হৈছে যে, ‘তলত দিয়া কাৰণত এই আদেশ ভুল আৰু অবৈধ। প্ৰথমতে, ৰেফাৰেল লেবৰেটৰীটোক গৰুৰ ঘিউ পৰীক্ষাৰ বাবে এন এ বি এলৰ দ্বাৰা স্বীকৃতি দিয়া হোৱা নাছিল, সেয়েহে তাত কৰা পৰীক্ষা আইনৰ দৃষ্টিকোণৰ পৰা গ্ৰহণযোগ্য নহয়। এটা নিম্নমানৰ লেবে পতঞ্জলিৰ শ্ৰেষ্ঠ গৰুৰ ঘিউক নিম্নমানৰ বুলি অভিহিত কৰাটো হাস্যকৰ আৰু অত্যন্ত আপত্তিজনক।

পতঞ্জলিয়ে লগতে কয়, “দ্বিতীয়তে, যি ভিত্তিত নমুনাটো অসফল বুলি ঘোষণা কৰা হৈছিল, সেইবোৰ সেই সময়ত প্ৰযোজ্য নাছিল, সেয়েহে সেইবোৰ ব্যৱহাৰ কৰাটো আইনগতভাৱে ভুল।

তৃতীয়তে, নমুনাটোৰ মেয়াদ উকলি যোৱাৰ পিছত পুনৰ পৰীক্ষা কৰা হৈছিল, যিটো আইন অনুসৰি অবৈধ। এই ডাঙৰ যুক্তিসমূহ বিবেচনা নকৰাকৈয়ে আদালতে এটা বিৰূপ আদেশ দিছে, যিটো আইনৰ ফালৰ পৰা শুদ্ধ নহয়। এই আদেশৰ বিৰুদ্ধে খাদ্য সুৰক্ষা ন্যায়াধিকৰণত আপীল দাখিল কৰা হৈছে আৰু আমি নিশ্চিত যে ন্যায়াধিকৰণৰ সন্মুখত শক্তিশালী ভিত্তিত বিষয়টো আমাৰ পক্ষত সিদ্ধান্ত লোৱা হ’ব।”