NORTHEAST NOW (Assamese)
Popular Stories

কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী য়েডুৰাপ্পাৰ বিৰুদ্ধে থকা POCSO গোচৰত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 3, 2025 9:34 am

কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ নেতা বি.এছ. য়েডুৰাপ্পাৰ বিৰুদ্ধে নাবালিকা ছোৱালীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত ৰুজু কৰা গোচৰৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে মঙলবাৰে (২ ডিচেম্বৰ) ৰাজ্যখনৰ চিআইডিলৈ জাননী জাৰি কৰে।

ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মল্য বাগচিৰে গঠিত বিচাৰপীঠে য়েডুৰাপ্পাৰ বিৰুদ্ধে POCSO Act (শিশুসকলক যৌন অপৰাধৰ পৰা সুৰক্ষা)ৰ অধীনত দাখিল কৰা গোচৰত কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱা আৱেদনৰ শুনানি গ্ৰহণ কৰে।

উচ্চতম ন্যায়ালয়ে চিআইডিলৈ জাননী জাৰি কৰি প্ৰশ্ন কৰে যে গোচৰটোৰ মেৰিটৰ নতুন শুনানিৰ বাবে ইয়াক ৰাজ্যিক উচ্চ ন্যায়ালয়লৈ কিয় ঘূৰাই পঠিয়াব নালাগে। মন কৰিবলগীয়া যে কৰ্ণাটক উচ্চ ন্যায়ালয়ে পূৰ্বে সাক্ষ্যৰ বক্তব্যৰ ভিত্তিত গোচৰটোৰ কাৰ্য্যবিধি বাতিল কৰিবলৈ অস্বীকাৰ কৰিছিল।

য়েডিউৰাপ্পাৰ হৈ জ্যেষ্ঠ অধিবক্তা সিদ্ধাৰ্থ লুথ্ৰা আৰু সিদ্ধাৰ্থ ডেভে যুক্তি আগবঢ়ায় যে উচ্চ ন্যায়ালয়ে কেৱল এই অস্পষ্ট আৰু কাৰিকৰী ভিত্তিত গোচৰটো বাতিল কৰিবলৈ অস্বীকাৰ কৰিছিল যে ই গোচৰৰ গুৰুত্ব বিবেচনা কৰিব নোৱাৰে। লুথ্ৰাই কয় যে য়েডুৰাপ্পা চাৰিবাৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে আৰু তেওঁৰ বয়স ৮৮ বছৰ, আৰু যৌন নিৰ্যাতনৰ অভিযোগ কোনোৱে সমৰ্থন কৰা নাই।

উল্লেখ্য যে এই গোচৰটো ১৭ বছৰীয়া কিশোৰীৰ মাতৃয়ে উত্থাপন কৰা অভিযোগৰ সৈতে জড়িত। মাতৃগৰাকীয়ে অভিযোগ কৰিছিল যে এই ফেব্ৰুৱাৰী মাহত সহায় বিচাৰি বেংগালুৰুৰ বাসগৃহলৈ যোৱাৰ সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে তেওঁৰ কন্যাক যৌন নিৰ্যাতন চলাইছিল। যোৱা ১৪ মাৰ্চত সদাশিৱনগৰ আৰক্ষী থানাত য়েডিউৰাপ্পাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ (IPC) ধাৰা ৩৫৪এ (যৌন হাৰাশাস্তি)ৰ অধীনত এজাহাৰ দাখিল কৰা হৈছিল।

পিছত গোচৰটো চিআইডিলৈ হস্তান্তৰ কৰা হয়, যিয়ে POCSO আইনৰ অধীনত পুনৰ এফআইআৰ পঞ্জীয়ন কৰি অভিযোগনামা দাখিল কৰে।