NORTHEAST NOW (Assamese)
Popular Stories

দ্ৰুত পতন! মাৰ্কিন ডলাৰৰ বিপৰীতে সৰ্বকালৰ সৰ্বনিম্ন স্তৰত ভাৰতীয় টকা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 3, 2025 3:11 pm

বুধবাৰে ভাৰতীয় টকাৰ মূল্য আমেৰিকান ডলাৰৰ বিপৰীতে সৰ্বকালৰ সৰ্বনিম্ন স্তৰ ৯০.২ লৈ হ্ৰাস পায়। ভাৰতীয় মুদ্ৰাৰ এইটোৱেই এতিয়ালৈকে আটাইতকৈ দুৰ্বল প্ৰদৰ্শন।

মঙলবাৰে ৮৯.৯ টকাত উপনীত হোৱাৰ মাত্ৰ এদিন পিছতে এই হ্ৰাস দেখিবলৈ পোৱা গৈছে। এই বছৰত এতিয়ালৈকে টকাৰ মূল্যৰ প্ৰায় ৫% হ্ৰাস পাইছে। ৰয়টাৰৰ তথ্য অনুসৰি এই বছৰ এছিয়াৰ মুদ্ৰাসমূহৰ ভিতৰত আটাইতকৈ বেয়া প্ৰদৰ্শন ভাৰতীয় মুদ্ৰাৰ।

ভাৰতৰ বৰ্ধিত অৰ্থনীতিৰ মাজতো টকাই যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে। জুলাই-ছেপ্টেম্বৰ ত্ৰৈমাসিকত ভাৰতৰ অৰ্থনৈতিক বৃদ্ধিৰ হাৰ আছিল ৮.২%, যিটো পূৰ্বৰ তিনিমাহত ৭.৮% আছিল।

কিন্তু আমেৰিকাৰ সৈতে চলি থকা বাণিজ্যিক উত্তেজনাই টকাৰ মূল্য হ্ৰাস কৰিছে। আগষ্ট মাহত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতীয় সামগ্ৰীৰ ওপৰত শুল্ক দুগুণ কৰি ৫০% লৈ বৃদ্ধি কৰিছিল। তেওঁ ভাৰতে ৰাছিয়াৰ তেল ক্ৰয় কৰাৰ অভিযোগ উত্থাপন কৰি, ইউক্ৰেইনত ৰাছিয়াৰ যুদ্ধক সমৰ্থন কৰে বুলি তেওঁ দাবী কৰিছিল।

১০ নৱেম্বৰত ট্ৰাম্পে উল্লেখ কৰিছিল যে আমেৰিকাই অতি সোনকালে সেই শুল্ক হ্ৰাস কৰিব পাৰে। তেওঁ লগতে উল্লেখ কৰিছিল যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় হ্ৰাস কৰিছে আৰু “ন্যায্য বাণিজ্য চুক্তি” প্ৰায় সাজু হৈছে।

তথাপিও চুক্তি চূড়ান্ত কৰাত পলম হোৱাৰ বাবে বজাৰসমূহ অস্বস্তিত পৰিছে। দ্য ফাইনেন্সিয়েল এক্সপ্ৰেছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ৰপ্তানিৰ ক্ষেত্ৰত আঘাত কৰিব পাৰে, আৰু স্পষ্ট সময়সীমাৰ অভাৱে আশংকা আৰু অধিক তীব্ৰতৰ কৰি তুলিছে।

বিদেশী ধনৰ বহিৰ্গমনেও টকাৰ ওপৰত চাপ সৃষ্টি কৰিছে। ৰয়টাৰৰ বাতৰি অনুসৰি এই বছৰ বিদেশী বিনিয়োগকাৰীয়ে ১৬ বিলিয়ন ডলাৰতকৈ অধিক ভাৰতীয় ষ্টক বিক্ৰী কৰিছে। ইয়াৰ উপৰিও ভাৰতৰ বাণিজ্যিক ব্যৱধান (Trade Deficit) – য’ত আমদানি ৰপ্তানিতকৈ বেছি – অক্টোবৰ মাহত অভিলেখ সৃষ্টি কৰে।

উল্লেখ্য যে টকাৰ এই অৱস্থাৰ মাজতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (RBI) বৈঠকত এতিয়া সুতৰ হাৰ সন্দৰ্ভত আলোচনা চলি আছে। বুধবাৰৰ পৰা আৰম্ভ হোৱা তিনিদিনীয়া অধিৱেশনৰ পাছত শুকুৰবাৰে এক বৃহৎ সিদ্ধান্ত লোৱা হ’ব বুলি জানিবলৈ দিছে। টকাক সুস্থিৰ কৰাৰ বাবে আৰ বি আয়ে কি পদক্ষেপ লয়, সেলৈ সকলো আশাৰে বাট চাই আছে।