NORTHEAST NOW (Assamese)
অসম

মেক্স ভাৰ্ষ্টাপেনৰ চাৰি বছৰীয়া ৰাজত্বৰ অৱসান; ফৰ্মুলা ৱানৰ নতুন বিশ্ব চেম্পিয়ন লেণ্ডো ন’ৰিছ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 8, 2025 12:17 pm

দেওবাৰে আবুধাবিত অনুষ্ঠিত হোৱা ফৰ্মুলা ৱানৰ চালকৰ বিশ্ব চেম্পিয়নশ্বিপত ব্ৰিটেইনৰ লেণ্ডো নৰিছে মেক্স ভাৰ্ষ্টাপেনৰ চাৰি বছৰীয়া ৰাজত্বৰ অন্ত পেলায়। ভাৰ্ষ্টাপেনে আবুধাবি গ্ৰেণ্ড প্ৰিক্সত জয়লাভ কৰিছিল যদিও সেইটোৱে ন’ৰিছৰ মেকলেৰেনৰ হৈ প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ জয়ত বাধা বাধা দিব নোৱাৰিলে।

ডাচ ড্ৰাইভাৰ ভাৰ্ষ্টাপেনে আবুধাবি গ্ৰেণ্ড প্ৰিক্সত দ্বিতীয় স্থানৰ অস্কাৰ পিয়াষ্ট্ৰেক পিছ পেলাই ১২.৫ ছেকেণ্ডত জয়লাভ কৰে। ভাৰ্ষ্টাপেন আৰু তৃতীয় স্থানৰ ন’ৰিছৰ মাজত ব্যৱধান আছিল ১৬.৫ ছেকেণ্ড। বিশ্ব চেম্পিয়নশ্বিপ খিতাপ লাভ কৰিবলৈ ন’ৰিছে আবুধাবিৰ প’ডিয়ামত থকাটো নিশ্চিত কৰিবলগীয়া হৈছিল।

ন’ৰিছে ভাৰ্ষ্টাপেনৰ পৰা দুটা পইণ্ট আগবাঢ়ি তৃতীয় স্থান দখল কৰি বিশ্ব ড্ৰাইভাৰ চেম্পিয়নশ্বিপৰ স্থানত শীৰ্ষস্থান দখল কৰে। তৃতীয় স্থানত থকা পিয়াষ্ট্ৰেৰ সৈতে তেওঁৰ ব্যৱধান ১৩ পইণ্ট।

ইয়াৰ পূৰ্বে ভাৰ্ষ্টাপেনে চাৰিবাৰকৈ বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰিছে। ন’ৰিছৰ এই জয়ৰ ফলত ১৪৫৭ দিনৰ ভিতৰত প্ৰথমবাৰৰ বাবে ভাৰ্ষ্টাপেনে বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰিবলৈ ব্যৰ্থ হৈছে। ইয়াৰ লগে লগে ন’ৰিছ ২০০৮ চনৰ পিছত বিশ্ব চেম্পিয়নশ্বিপ লাভ কৰা প্ৰথমজন মেকলেৰেন চালক হিচাপেও পৰিগণিত হয়। ১৯৯৮ চনৰ পিছত ‘ড্ৰাইভাৰ এণ্ড কনষ্ট্ৰাক্টৰ’ শাখাত মেকলেৰেনৰ এইটোৱেই প্ৰথম ‘ডাবল’ ট্ৰফী।

বৰ্তমান ২৬ বছৰীয়া ন’ৰিছ ২০২০ চনত লুইছ হেমিল্টনৰ পিছত ফৰ্মুলা ৱানৰ প্ৰথমজন ব্ৰিটিছ বিশ্ব চেম্পিয়ন। ৰেচৰ শেষত তেওঁৰ দলৰ অভিযন্তাই ন’ৰিছক কয়, ‘তুমি এতিয়া বিশ্ব চেম্পিয়ন, বিশ্ব চেম্পিয়ন!’ ন’ৰিছে উত্তৰ দিলে, ‘ তোমালোকক ধন্যবাদ। তোমালোকে সৰু ল’ৰা এটাৰ সপোন পূৰণ কৰিলা।’

বিজয়ৰ মঞ্চলৈ গৈ ন’ৰিছে অশ্ৰুসিক্ত নয়নেৰে ক’লে, ‘মই বহুদিন কান্দিব পৰা নাই। মই কান্দিম বুলি ভবা নাছিলো যদিও কান্দিলোঁ। মা, দেউতা আৰু মোক আৰম্ভণিৰে পৰাই সহায় কৰা সকলোকে ধন্যবাদ। মেক্সৰ কেনে লাগিছে সেইটো অলপ বুজিব পাৰিছো। মেক্স আৰু অস্কাৰকো অভিনন্দন।’

এইবাৰৰ ফৰ্মুলা ৱান বিশ্ব চেম্পিয়নশ্বিপৰ অন্তিমখন ৰেচ আছিল আবুধাবি গ্ৰেণ্ড প্ৰিক্স। নৰিছে জানিছিল যে এই ৰেচত সামান্যতম ভুলেই এই খিতাপটো ভাৰ্ষ্টাপেন বা পিয়াষ্ট্ৰেৰ হাতত তুলি দিব পাৰে। এই বছৰ ১৫টা গ্ৰেণ্ড প্ৰিক্সত নেতৃত্ব দিছিল পিয়াষ্ট্ৰেই। ৰেচৰ পিছত ভাৰ্ষ্টাপেনে কয়, ‘মই নিশ্চিতভাৱে হতাশ হোৱা নাই। সকলোকে লৈ গৌৰৱ অনুভৱ কৰিছো৷ আমি কোনেও হাৰ নামানো।’