NORTHEAST NOW (Assamese)
অসম

দুৰ্নীতিৰ অভিযোগ : অসম ক্ৰিকেট সন্থাৰ চাৰি খেলুৱৈক নিলম্বন, এজাহাৰ দাখিল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 13, 2025 10:09 am

ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতেই ৰাজ্যৰ চাৰিগৰাকী খেলুৱৈক তাৎক্ষণিকভাবে নিলম্বন কৰিছে অসম ক্ৰিকেট সন্থা (ACA)-এ।  শুকুৰবাৰে নিলম্বন কৰা এই চাৰিজন খেলুৱৈ হৈছে— অমিত সিনহা, ইশান আহমেদ, অমন ত্ৰিপাঠী আৰু অভিষেক ঠাকুৰী

ক্ৰীড়াৰ সৈতে জড়িত দুৰ্নীতিমূলক কামত লিপ্ত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে এইসকল খেলুৱৈৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হৈছে।

ক্ৰিকেট সংন্থাৰ মতে, নিলম্বিত খেলুৱৈসকলে পূৰ্বে বিভিন্ন প্ৰতিযোগিতামূলক পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰিছিল। তেওঁলোকে যোৱা ২৬ নৱেম্বৰৰ পৰা ৮ ডিচেম্বৰলৈকে লক্ষ্ণৌত অনুষ্ঠিত হোৱা ছৈয়দ মুস্তাক আলী ট্ৰফী ২০২৫-ৰ সময়ত দলটোৰ বিৰুদ্ধে উচটনি মূলক কাৰ্যত লিপ্ত হৈছিল।

এই অভিযোগৰ পাছতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব‘ৰ্ডৰ দুৰ্নীতি বিৰোধী আৰু নিৰাপত্তা গোট (BCCI’s Anti-Corruption and Security Unit – ACSU)-এ তদন্ত আৰম্ভ কৰে। সমান্তৰালভাৱে, সংন্থাই তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

এই নিলম্বনৰ ফলত তেওঁলোকে সকলো ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতা, জিলা পৰ্যায়ৰ মেচ, আৰু প্ৰশিক্ষণ, আম্পায়াৰিং বা অফিচিয়েটিং ভূমিকাৰ দৰে ক্ৰিকেট-সম্পৰ্কীয় যিকোনো কামত অংশগ্ৰহণ কৰিব নোৱাৰিব।

তদন্ত শেষ নোহোৱালৈকে বা সন্থাই পৰৱৰ্তী নিৰ্দেশ নিদিয়াপৰ্যন্ত এই নিলম্বন বাহাল থাকিব। ক্ৰিকেট সন্থাই সকলো জিলা সন্থাকো এই নিলম্বন কঠোৰভাৱে প্ৰয়োগ কৰিবলৈ আৰু তেওঁলোকৰ অধীনস্থ ক্লাব তথা ক্ৰিকেট একাডেমীসমূহক আৱশ্যকীয় ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছে।

সন্থাই জনোৱা মতে, তদন্ত চলি থকাৰ সময়ছোৱাত তেওঁলোকে তদন্তকাৰী কৰ্তৃপক্ষৰ সৈতে সহযোগিতা অব্যাহত ৰাখিব।