NORTHEAST NOW (Assamese)
Popular Stories

দিল্লী প্ৰদূষণঃ এয়াৰ পিউৰিফায়াৰৰ ওপৰত আৰোপ কৰা GST কৰ্তন কৰিবলৈ চৰকাৰক নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 24, 2025 4:42 pm

বায়ু প্ৰদূষণৰ সংকটৰ মাজতে এয়াৰ পিউৰিফায়াৰৰ ওপৰত আৰোপ কৰা ১৮ শতাংশ জিএছটিক লৈ কেন্দ্ৰীয় চৰকাৰক তীব্ৰ ভৰ্ৎসনা কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। বুধবাৰে এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ দেৱেন্দ্ৰ কুমাৰ উপাধ্যায় আৰু ন্যায়াধীশ তুষাৰ ৰাও গেডেলাৰ বিচাৰপীঠে কয় যে আমি দিনটোত প্ৰায় ২১ হাজাৰ বাৰ উশাহ লওঁ আৰু প্ৰদূষিত বায়ুৱে মানুহৰ শৰীৰত কিমান ক্ষতি কৰিব পাৰে তাৰ হিচাপ কৰাটো জৰুৰী। আদালতে স্পষ্টকৈ কয় যে দিল্লীৰ প্ৰতিজন নাগৰিকক বিশুদ্ধ বায়ুৰ প্ৰয়োজন আৰু চৰকাৰে যদি সেইটো যোগান ধৰিব পৰা নাই তেন্তে অতি কমেও এয়াৰ পিউৰিফায়াৰ সহজলভ্য কৰি তোলাটো চৰকাৰৰ দায়িত্ব।

আদালতে এয়াৰ পিউৰিফায়াৰক চিকিৎসা সঁজুলি হিচাপে পুনৰ শ্ৰেণীভুক্ত কৰাৰ বাবে দাখিল কৰা এখন জনস্বাৰ্থৰ গোচৰৰ শুনানি গ্ৰহণ কৰি আছিল। বৰ্তমান এই যন্ত্ৰটোৰ ওপৰত ১৮ শতাংশ জিএছটি লোৱা হয় যদিও আবেদনকাৰীয়ে ইয়াক ৫ শতাংশ জিএছটিৰ স্লেবলৈ আনিবলৈ দাবী জনাইছে। চৰকাৰে এই বিষয়ত উত্তৰ দিবলৈ অধিক সময় বিচৰাত বিচাৰপীঠে ক্ষোভ প্ৰকাশ কৰি কয় যে মানুহৰ মৃত্যু হোৱালৈকে চৰকাৰে অপেক্ষা কৰিব নেকি। চৰকাৰক প্ৰশ্ন কৰি আদালতে কয় যে এই জৰুৰীকালীন সময়ছোৱাত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত এয়াৰ পিউৰিফায়াৰক অস্থায়ীভাৱে কৰৰ পৰা ৰেহাই দিব নোৱাৰি নেকি। চৰকাৰী অধিবক্তাক এই বিষয়ে নিৰ্দেশনা লৈ আদালতত স্থিতি স্পষ্ট কৰিবলৈ কোৱা হৈছে।

অধিবক্তা কপিল মদনে দাখিল কৰা এই আবেদনখনত যুক্তি দিয়া হৈছে যে দিল্লীৰ বৰ্তমানৰ ভয়াবহ প্ৰদূষণৰ পৰিপ্ৰেক্ষিতত এয়াৰ পিউৰিফায়াৰক কোনো কাৰণতে বিলাসী সামগ্ৰী বুলি গণ্য কৰিব নোৱাৰি। ঘৰৰ ভিতৰত বিশুদ্ধ বায়ু পোৱাটো এতিয়া মানুহৰ স্বাস্থ্য আৰু জীয়াই থকাৰ বাবে অপৰিহাৰ্য হৈ পৰিছে। আবেদনখনত উল্লেখ কৰা হৈছে যে চৰকাৰে ২০২০ চনত জাৰি কৰা অধিসূচনা অনুসৰি এয়াৰ পিউৰিফায়াৰে চিকিৎসা সঁজুলিৰ সংজ্ঞা পূৰণ কৰে কাৰণ ই ক্ষতিকৰ প্ৰদূষকৰ পৰা মানুহক ৰক্ষা কৰি এক গুৰুত্বপূৰ্ণ প্ৰতিৰোধমূলক কাম কৰে।

আবেদনকাৰীৰ মতে এয়াৰ পিউৰিফায়াৰৰ ওপৰত সৰ্বোচ্চ হাৰত কৰ জাপি দিয়াটো এক অযুক্তিকৰ আৰু স্বেচ্ছাচাৰী সিদ্ধান্ত। ইয়াৰ ফলত সমাজৰ এটা বৃহৎ অংশৰ বাবে এই প্ৰয়োজনীয় যন্ত্ৰটো কিনিবলৈ আৰ্থিকভাৱে অসম্ভৱ হৈ পৰিছে। আন বহুতো চিকিৎসা যন্ত্ৰৰ ওপৰত যিহেতু কম হাৰত কৰ লোৱা হয় গতিকে এয়াৰ পিউৰিফায়াৰৰ ক্ষেত্ৰতো একেই নিয়ম প্ৰয়োগ কৰিব লাগে বুলি আদালতে মত প্ৰকাশ কৰিছে।