NORTHEAST NOW (Assamese)
Popular Stories

তিনি বছৰত তিনি যুৱতীক বিয়া পাতিলে যুৱকে; যুক্তি দিলে ‘কোনোজনী পত্নীয়ে ৰান্ধিব নাজানে’!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 27, 2025 7:39 am

বিহাৰত গ্ৰেপ্তাৰ হৈছে এজন যুৱক। তেওঁৰ বিৰুদ্ধে তিনি বছৰত তিনিটাকৈ বিয়া পতাৰ অভিযোগ। তদুপৰি দুগৰাকী পত্নীয়ে যৌতুক বিচাৰি ঘৰুৱা হিংসা আৰু প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

জানিব পৰা মতে, বিহাৰৰ গোপালগঞ্জ জিলাৰ পিণ্টু বৰ্ণৱাল নামৰ এজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তেওঁৰ বিৰুদ্ধে তিনিটা বিবাহৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ উপৰিও দুগৰাকী পত্নীয়ে দাবী কৰিছে যে তেওঁ কোনো পত্নীক বৈধভাৱে বিবাহ বিচ্ছেদ কৰা নাছিল।

ঘৰুৱা হিংসাৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে যুৱকক গ্ৰেপ্তাৰ কৰিছে। অৱশ্যে এই সকলো অভিযোগ অস্বীকাৰ কৰিছে পিণ্টুৱে।

তেওঁৰ প্ৰথম পত্নী খুছবুৱে দাবী কৰে যে ২০২২ চনত তেওঁলোকৰ বিয়া হৈছিল। বিয়াৰ পিছত বাৰে বাৰে হোৱা সমস্যাৰ বাবে খুছবুৰ পিতৃয়ে পিণ্টুক তিনি লাখ টকা, ২০ গ্ৰামৰ হাৰ আৰু ১৫ গ্ৰামৰ আঙঠি যৌতুক হিচাপে দিছিল।

খুছবুৱে অভিযোগ কৰে যে তেওঁক নিয়মিতভাৱে অত্যাচাৰ কৰা হৈছিল। তাৰ পাছত হঠাৎ এদিন তেওঁক ঘৰৰ পৰা বাহিৰ কৰি দিয়া হ’ল। ঘৰত থাকোঁতে তেওঁ পিণ্টুৰ দ্বিতীয় বিবাহৰ কথা গম পালে।

পিণ্টুৰ দ্বিতীয় পত্নীয়েও ৫ লাখ টকা আৰু এখন গাড়ী দাবী কৰি অত্যাচাৰ কৰা বুলি জানিবলৈ দিয়ে। পিণ্টুৱে যৌতুক দিব নোৱাৰাৰ বাবে তেওঁক ঘৰৰ পৰা বাহিৰ কৰি দিলে। আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ নকৰাকৈয়ে পুনৰ বিবাহ কৰাৰো অভিযোগ উত্থাপন কৰে।

অৱশ্যে এই সকলো অভিযোগ অস্বীকাৰ কৰা নাই অভিযুক্তই। তেওঁ দাবী কৰে যে তেওঁক তিনিবাৰকৈ বিয়া কৰাবলৈ বাধ্য কৰা হৈছিল। পিণ্টুৱে সকলো দোষ প্ৰথম আৰু দ্বিতীয় পত্নীৰ ওপৰত জাপি দি কয়, “মোৰ মাৰ বয়স ৬০ বছৰ। এই দুগৰাকী মহিলাৰ কোনোৱেই ৰান্ধিব জনা নাছিল। মোৰ মা আৰু মই তেওঁলোকক ৰান্ধি খুৱাইছিলো।” পিণ্টুৱে প্ৰথমা পত্নীৰ বিৰুদ্ধে হত্যাৰ চেষ্টাৰ অভিযোগ উত্থাপন কৰে। তেওঁ দাবী কৰে যে প্ৰথম দুগৰাকী পত্নীয়ে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে।