NORTHEAST NOW (Assamese)
জীৱনশৈলী

কেতিয়াবা বিৰক্ত হোৱাটো কিয় জৰুৰী? কি কয় বিশেষজ্ঞই?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 30, 2025 6:40 am

আজিৰ দ্ৰুতবেগী জীৱনশৈলীত আমি সদায় নিজকে কিবা নহয় কিবা কামত ব্যস্ত ৰাখিবলৈ চেষ্টা কৰোঁ। আজৰি সময় পালে চিনেমা চোৱা, ছ’চিয়েল মিডিয়া স্ক্ৰল কৰা বা অন্য কামত নিমগ্ন হৈ পৰো। কিন্তু বিশেষজ্ঞসকলৰ মতে, কেতিয়াবা একো নকৰাকৈ “বিৰক্ত” (Bored) হৈ থকাটোও মানসিক স্বাস্থ্যৰ বাবে উপকাৰী হ’ব পাৰে।

নতুন দিল্লীৰ ‘ডিপাছ’ৰ (DIPAS) জ্যেষ্ঠ ফেলো তথা মনোবিজ্ঞানী ডাঃ জ্যোৎস্না বক্সীয়ে জনোৱা মতে, স্মাৰ্টফোন আৰু ছ’চিয়েল মিডিয়াৰ অত্যধিক ব্যৱহাৰে মানসিক চাপ বৃদ্ধি কৰে, মনোযোগ বিচলিত কৰে আৰু সৃষ্টিশীলতা হ্ৰাস কৰে। ইয়াৰ ফলত মানুহ ধীৰে ধীৰে এক প্ৰকাৰৰ নিচাত আচ্ছন্ন হৈ পৰে। তেনে পৰিস্থিতিত কেতিয়াবা নিজকে বিৰক্ত হ’বলৈ দিলে মগজুৱে বিশ্ৰাম লোৱাৰ সুযোগ পায়।

বিশেষজ্ঞসকলৰ মতে, কিছু সময় ফোন, কাম আৰু সামাজিক দায়িত্বৰ পৰা আঁতৰি থাকিলে মেজাজ উন্নত হয় আৰু মানসিক চাপ কমে। বিৰক্তি মগজুৰ বাবে এক ধৰণৰ “ৰিছেট” (Reset) সদৃশ, যাৰ ফলত চিন্তাধাৰা সতেজ হয়।

ইয়াৰ উপৰিও, বিৰক্তিয়ে সৃষ্টিশীলতা বৃদ্ধি কৰাত সহায় কৰে। গেজেটৰ পৰা আঁতৰি থাকিলে মনটো নতুন ধাৰণা আৰু চিন্তাৰ বাবে অধিক মুকলি হয়। এই সময়ছোৱাতেই বহুতে নতুন চখ বা আগ্ৰহ আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়। একো নকৰাকৈ থাকিলে মন অধিক শান্ত আৰু সচেতন হৈ পৰে, যাৰ ফলত টোপনি উন্নত হয় আৰু মানসিক ভাৰসাম্য বজাই ৰখাত সহায় হয়।সাৰ্বিকভাৱে ক’বলৈ গ’লে, বিশেষজ্ঞসকলৰ মতে কেতিয়াবা বিৰক্ত হোৱাটো সময়ৰ অপচয় নহয়, বৰঞ্চ ই মানসিক স্বাস্থ্যৰ বাবে এক গুৰুত্বপূৰ্ণ অভ্যাস।