NORTHEAST NOW (Assamese)
অসম

বছৰ বিদায়

Posted by: হৰেকৃষ্ণ ডেকা Updated by: হৰেকৃষ্ণ ডেকা January 1, 2026 11:12 am

বছৰৰ শেষ দিনটোত

বেলি ডুবাৰ সময়ত

পশ্চিমৰ হেলনীয়া হেঙুলীয়াখিনিলৈ চাই

মই নতুন বছৰৰ প্ৰথম পোহৰৰ প্ৰতীক্ষা কৰিছোঁ।

কেৰ্কেটুৱাটোও ৰৈ আছে,

ভ্ৰুক্ষেপ নকৰাকৈ,

দিন-বাৰৰ হিচাব নকৰাকৈ,

কুমলীয়া ঘাঁহ আপোন মনেৰে কুটি,

সন্তোষেৰে পেট পূৰাই।

-হৰেকৃষ্ণ ডেকা