NORTHEAST NOW (Assamese)
অসম

নৱবৰ্ষত ঘৰলৈ ফোন কৰি মাতি আনি কাটি পেলালে প্ৰেমিকৰ গোপন অংগ; পলাতক অভিযুক্ত মহিলা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 2, 2026 1:35 pm

মুম্বাইৰ পৰা এক অদ্ভুত আৰু চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। দুটি সন্তানৰ মাতৃ ২৫ বছৰীয়া এগৰাকী মহিলাৰ বিৰুদ্ধে প্ৰেমিকৰ গোপন অংগত চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ গোচৰ ৰুজু কৰিছে ৱাকোলা আৰক্ষীয়ে।

অভিযোগ অনুসৰি প্ৰেমিকজনে পত্নীক এৰি তেওঁক বিয়া কৰাবলৈ অস্বীকাৰ কৰিছিল, তাৰ পিছতে তেওঁ এই কাণ্ড সংঘটিত কৰে। নৱবৰ্ষ উদযাপনৰ পিছত বৃহস্পতিবাৰে পুৱা ছান্টা ক্ৰুজৰ তেওঁৰ ঘৰত সংঘটিত হয় এই ঘটনা।

আৰক্ষীৰ তথ্য অনুসৰি ৪২ বছৰীয়া ভুক্তভোগীগৰাকী মহিলাগৰাকীৰ বৌয়েকৰ ভাতৃ। বিগত ৭ বছৰে দুয়োৰে মাজত অবৈধ সম্পৰ্ক আছিল। মহিলাগৰাকীৰ চাৰি আৰু সাত বছৰ বয়সৰ দুটা সন্তান আছে। ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছে অভিযুক্ত মহিলাগৰাকী।

ভুক্তভোগীক প্ৰথমে ওচৰৰ ভি এন দেশাই চিকিৎসালয়লৈ লৈ যোৱা হয়, পিছত ছায়ন হাস্পতাললৈ প্ৰেৰণ কৰা হয়, য’ত ততাতয়াকৈ অস্ত্ৰোপচাৰ কৰা হয়। ছায়ন হাস্পতালৰ ডীন ডাঃ প্ৰমোদ ইংলেই কয় যে, “আমাৰ ইউৰ’লজী আৰু জেনেৰেল চাৰ্জাৰী দলে তেওঁক চিকিৎসালয়লৈ অনাৰ পিছতে তেওঁৰ অস্ত্ৰোপচাৰ কৰিছিল। তেওঁ ভালদৰে সুস্থ হৈ উঠিছে।”

আৰক্ষীৰ মতে, অভিযুক্ত মহিলাগৰাকীয়ো ভুক্তভোগীক বিয়া কৰাব বিচাৰিছিল যদিও তেওঁ পত্নী আৰু সন্তানক এৰি যাবলৈ সাজু নাছিল। এই সম্পৰ্কৰ কথা যেতিয়া তেওঁৰ পত্নীয়ে গম পালে, তেতিয়া ঘৰত কাজিয়া আৰম্ভ হ’ল। আৰক্ষীৰ অভিযোগত ভুক্তভোগীয়ে জনায় যে তাৰ পিছত অভিযুক্ত মহিলাগৰাকীক তেওঁ “পৰিস্থিতি বুজিবলৈ” কয়।

ইয়াৰ পিছত অভিযুক্ত মহিলাগৰাকীয়ে নিজৰ গৃহ চহৰ বিহাৰলৈ যায় যদিও এমাহৰ পিছত ১৯ ডিচেম্বৰত উভতি আহে। ভুক্তভোগীয়ে আৰক্ষীক জনোৱা মতে, ২৪ ডিচেম্বৰত তেওঁ পুনৰবাৰ পৰিস্থিতিৰ বিষয়ে বুজাবলৈ চেষ্টা কৰিছিল, কিয়নো দুয়োৰে সন্তান আৰু পৰিয়াল আছিল।

১ জানুৱাৰীৰ দিনৰ প্ৰায় ১:৩০ বজাত অভিযুক্ত মহিলাগৰাকীয়ে তেওঁক নৱবৰ্ষ উদযাপনৰ বাবে মিঠাই খাবলৈ নিজৰ ঘৰলৈ মাতিছিল। এজন আৰক্ষী বিষয়াই কয় যে, “যেতিয়া ভুক্তভোগীয়ে তাৰ পৰা যাবলৈ লৈছিল, তেতিয়াই মহিলাগৰাকীয়ে চোকা বস্তুৰে তেওঁৰ গোপন অংগত ছুৰীৰে আক্ৰমণ কৰে। সেই সময়ত তেওঁৰ দুয়োটা সন্তানে কোঠাটোত শুই আছিল।”

প্ৰচুৰ পৰিমাণে তেজ ওলোৱাৰ পিছতো কোনোমতে পলায়ন কৰিবলৈ সক্ষম হয় আৰু পুত্ৰ আৰু ভাতৃক খবৰ দিয়ে। তেওঁলোকে তেওঁক লগে লগে এন দেশাই হস্পিতাললৈ লৈ যায়। আৰক্ষী বিষয়াজনে কয়, “মহিলাগৰাকী বিহাৰত থকাৰ সময়তো ফোনযোগে তেওঁক ভাবুকি দি আছিল।”

গুৰুতৰভাৱে আঘাত কৰা আৰু অপৰাধমূলক ভাবুকি দিয়াৰ অভিযোগত ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে এটা দল গঠন কৰিছে।