NORTHEAST NOW (Assamese)
Popular Stories

ভোগালীৰ উচাহেৰে জাতিষ্কাৰ অসমীয়াৰ হেঁপাহৰ মাঘ বিহু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 14, 2026 7:00 am

ভোগ আৰু আনন্দৰ উৎসৱ মাঘ বিহু আজি সমগ্ৰ অসমজুৰি উলহ-মালহেৰে উদযাপন কৰা হৈছে। পুহ আৰু মাঘ মাহৰ সংক্ান্তিৰ এই পবিত্ৰ ক্ষণত ৰাজ্যৰ চুকে-কোণে এতিয়া কেৱল উচাহৰ ঢল নামিছে। পথাৰৰ সোণোৱালী ধান চপাই ভঁৰাল ভৰোৱাৰ পাছত এয়া কৃষক ৰাইজৰ জিৰণি আৰু পৰম তৃপ্তিৰ সময়। কালি উৰুকাৰ নিশা সকলোৱে একেলগে ভোজ-ভাত খাই আনন্দ কৰাৰ পাছত আজি পুৱাই পৰম্পৰাগতভাৱে মেজি জ্বলাই অগ্নি দেৱতাক সেৱা জনোৱা হৈছে। গাঁৱে-ভূঞে সজা ভেলাঘৰ আৰু মেজিৰ জুইৰ উত্তাপে শীতৰ প্ৰকোপ নেওচি এক উষ্ম পৰিৱেশৰ সৃষ্টি কৰিছে।

বিহু উপলক্ষে প্ৰতিখন ঘৰৰ চোতালত এতিয়া জলপান আৰু পিঠা-পনাৰ গোন্ধ বিয়পি পৰিছে। তিলপিঠা, ঘিলাপিঠা, সান্দহ আৰু দৈ-চিৰাৰ সোৱাদে বিহুৰ আমেজ দুগুণে বৃদ্ধি কৰিছে। ডেকাসকলে পৰম্পৰাগত খেল-ধেমালি যেনে কণী যুঁজ, ম’হ যুঁজ আৰু ৰছী টনা খেলত ব্যস্ত থকাৰ বিপৰীতে জ্যেষ্ঠসকলে নাম-প্ৰসংগৰ মাজেৰে সকলোৰে মংগল কামনা কৰি আশীৰ্বাদ বিচাৰিছে। এই উৎসৱে আমাৰ সমাজৰ মাজত মিলাপ্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰীডাল অধিক শক্তিশালী কৰি তোলে। অসমীয়া সংস্কৃতিৰ এই আপুৰুগীয়া পৰম্পৰাই প্ৰতিজন মানুহৰ মনলৈ কঢ়িয়াই আনিছে অনাবিল সুখ আৰু সমৃদ্ধিৰ বতৰা।