NORTHEAST NOW (Assamese)
Popular Stories

ভিক্ষা কৰিয়েই ‘কোটিপতি’! ভিক্ষাৰী মাংগিলালৰ সম্পত্তিৰ পাহাৰ দেখি চকু কপালত উঠিল প্ৰশাসনৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 19, 2026 11:11 am

এটা কথা আছে, ‘মানুহক চিনি পোৱাটো বৰ কঠিন’। মধ্যপ্ৰদেশৰ ইন্দোৰৰ এজন ভিক্ষাৰীয়ে সেই কথা বাস্তৱত পৰিণত কৰি দিছে। ইন্দোৰ চহৰক ‘ভিক্ষাৰীমুক্ত’ কৰাৰ অভিযানত নামি পৰাৰ পিছত প্ৰশাসনৰ চকু কপালত উঠে।

ৰাস্তাৰ চুক এটাত বহি থকা মানুহজন, যাক পথচাৰীয়ে অসহায় বুলি ভাবি এক-দুই টকা দিছিল, আচলতে তেওঁ কোটি কোটি টকাৰ সম্পত্তিৰ মালিক। মাংগিলাল নামৰ এই শাৰীৰিকভাৱে অক্ষম ব্যক্তিজনৰ সম্পত্তিৰ তালিকা দেখি উদ্ধাৰকাৰী দলৰ সদস্যসকল হতভম্ব হৈ পৰে।

ইন্দোৰৰ চাৰাফা বজাৰ অঞ্চলত দীৰ্ঘদিন ধৰি ভিক্ষা খুজি থকা দেখা গৈছিল মাংগিলালক। তেওঁ কেতিয়াও কাৰো পৰা হাত পাতি ভিক্ষা বিচৰা নাছিল। হাতত জোতা পিন্ধি চকা থকা লোহাৰ প্লেট এখনত বহি ঘূৰি ফুৰিছিল। তেওঁৰ কৰুণ অৱস্থা দেখি সাধাৰণ মানুহে তেওঁক প্ৰতিদিনে ৫০০-১০০০ টকা গুজি দিছিল। এনেদৰে দিনক দিনে মানুহৰ সহানুভূতিক মূলধন কৰি কোটি কোটি টকাৰ মালিক হৈ পৰিছে মাংগিলাল।

মহিলা আৰু শিশু উন্নয়ন বিভাগৰ দলে উদ্ধাৰ কৰি যেতিয়া তেওঁক জেৰা আৰম্ভ কৰিলে তেতিয়াই ওলাই পৰিল প্ৰকৃত সত্য। মাংগিলালে নিজেই কৈছিল তেওঁৰ বিশাল সম্পত্তিৰ কথা। ইন্দোৰৰ ভগত সিং নগৰত তেওঁৰ আছে এটা তিনিমহলীয়া ঘৰ। ইয়াৰ বাহিৰেও তেওঁৰ নামত শিৱনগৰত ৬০০ বৰ্গফুটৰ ঘৰ আৰু আলৱাছ অঞ্চলত আন এটা ফ্লেট আছে।

কিন্তু ইয়াতেই শেষ নহয়। যাতাযতৰ বাবে মাংগিলালৰ হাতত আছে এখন চুইফট ডিজাইৰ গাড়ী। আমোদজনক কথাটো হ’ল, সেই গাড়ীখন চলাবলৈ তেওঁৰ এজন ড্ৰাইভাৰো আছে, যাক মাংগিলালে প্ৰতিমাহে ১০-১২ হাজাৰ টকা দৰমহা দিয়ে।

তদুপৰি, মাংগিলালৰ তিনিখন অটোৰিক্সা আছে, যিবোৰ তেওঁ ভাড়াত দিয়ে। ইয়াৰ বাহিৰেও তেওঁ বুলিয়ন বজাৰত ক্ষুদ্ৰ ব্যৱসায়ীক উচ্চ সুতৰ হাৰত ধন ধাৰে দিয়ে। শাৰীৰিক অক্ষমতাৰ বাবে মাংগিলালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সুবিধাৰ অধীনত এটা ফ্লেট লাভ কৰিছিল। কিন্তু একাধিক ঘৰৰ মালিক হোৱাৰ পিছতো কেনেদৰে এই চৰকাৰী সুবিধা পালে তাৰ তদন্ত কৰি আছে জিলা দণ্ডাধীশে। ইয়াৰ লগতে তেওঁৰ বেংক একাউণ্ট আৰু জমা ধনৰ উৎসৰ তদন্তও চলি আছে।

উল্লেখ্য যে ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ইন্দোৰক ‘ভিক্ষাৰীমুক্ত’ কৰাৰ কাম আৰম্ভ হৈছে। ২০২৫ চনৰ মে’ মাহত ইন্দোৰক ভাৰতৰ প্ৰথমখন ‘ভিক্ষাৰীমুক্ত চহৰ’ হিচাপে ঘোষণা কৰা হৈছিল। এই অভিযানৰ জৰিয়তে ৫ হাজাৰৰো অধিক ভিক্ষাৰীক পুনৰ সংস্থাপন কৰা হৈছে আৰু প্ৰায় ১৭০ শিশুক বিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। মাংগিলালৰ দৰে ঘটনাৰ পিছত প্ৰশাসনে আৰু সতৰ্কতাৰে এই জালিয়াতি চক্ৰবোৰ ভাঙিবলৈ চেষ্টা কৰিছে।