NORTHEAST NOW (Assamese)
অসম

পত্নীক গুলীয়াই নিজেও চৰম সিদ্ধান্ত ল’লে মেৰিটাইম বিষয়াই? দম্পতীৰ ৰহস্যজনক মৃত্যুত চাঞ্চল্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 22, 2026 9:45 pm

মেৰিটাইম বিষয়াৰ ৰহস্যজনক মৃত্যু। উদ্ধাৰ হৈছে পত্নীৰ গুলীৰে থকা-সৰকা মৃতদেহ। আহমেদাবাদত সংঘটিত হৈছে এই দুৰ্ঘটনা। নিহত দুজন যশৰাজ সিং গোহিল (৩৩) আৰু ৰাজেশ্বৰীবা জাদেজা (৩০)।

আৰক্ষীৰ তথ্য অনুসৰি যশৰাজ সিঙে পত্নীক গুলীয়াই নিজেও আত্মহত্যা কৰে। সূত্ৰৰ পৰা জানিব পৰা মতে, মাত্ৰ দুমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল দম্পতীহাল। এয়া আছিল যশৰাজ সিঙৰ দ্বিতীয় বিবাহ।

আৰক্ষীৰ সূত্ৰ অনুসৰি বুধবাৰে নিশা ১১:৪৫ বজাত যশৰাজ সিঙে এম্বুলেন্সৰ বাবে ১০৮ ইমাৰ্জেন্সি নম্বৰত ফোন কৰে। ইয়াৰ পিছত সেই স্থানত উপস্থিত হোৱা চিকিৎসকে পত্নী ৰাজেশ্বৰীবাক মৃত ঘোষণা কৰে।

 জানিব পৰা মতে, জৰুৰীকালীন সেৱাৰ দলটোৱে ফ্লেট এৰি যোৱাৰ পিছত যশৰাজ সিং গোহিলেও গুলীয়াই আত্মহত্যা কৰে।

সূত্ৰ অনুসৰি যশৰাজ গুজৰাট মেৰিটাইম ব’ৰ্ডৰ এজন বিষয়া আছিল। তেওঁ কংগ্ৰেছ নেতা তথা ৰাজ্যসভাৰ সাংসদ শক্তিসিংহ গোহিলৰ ভতিজা।

বুধবাৰে নিশা এজন আত্মীয়ৰ ঘৰত নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ গৈছিল দম্পতীহাল। পাছপ’ৰ্ট নবীকৰণ কৰাৰ পাছত বিদেশলৈ যোৱাৰ পৰিকল্পনাও কৰিছিল। যশৰাজৰ মৃত্যুত শোক প্ৰকাশ কৰে কংগ্ৰেছৰ মুখপাত্ৰ মনীষ দোষীয়ে। তেওঁ কয়, “মই যশৰাজক ব্যক্তিগতভাৱে চিনি পাওঁ। তেওঁ অতি সপ্ৰতিভ আছিল। শেহতীয়াকৈ তেওঁৰ মেৰিটাইম ব’ৰ্ডৰ পৰীক্ষাত ক্লিয়াৰ হৈছিল আৰু ইউ পি এছ চি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল। দম্পতীহালৰ সম্পৰ্ক বহুত ভাল আছিল।”

তেওঁ লগতে দাবী কৰে যে, “যশৰাজৰ ৰিভলভাৰৰ সৈতে খেলাৰ বেয়া অভ্যাস আছিল। সেই সময়ত তেওঁৰ ৰিভলভাৰটোৰ পৰা অজানিতে গুলী ওলাইছিল, যিটো গৈ তেওঁৰ পত্নীৰ গাত লাগে। তেওঁ শীঘ্ৰেই ১০৮ নম্বৰত ফোন কৰি এম্বুলেন্স মাতিছিল। তেওঁলোকৰ দলটোৱে আহি পোৱাৰ সময়লৈকে তেওঁৰ পত্নীৰ মৃত্যু হৈছিল। শোকাহত হৈ তেওঁৱো নিজৰ মূৰত গুলী চলাইছিল।”

ইতিমধ্যে তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। দুয়োজনৰ পৰিয়ালৰ সৈতে কথা পাতিছে আৰক্ষীয়ে। ৰিভলভাৰৰ অনুজ্ঞাপত্ৰও পৰীক্ষা কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, এই ঘটনাৰ সকলো দিশৰ তদন্ত কৰা হ’ব।