NORTHEAST NOW (Assamese)
অসম

পত্নীৰ বাবে স্বামীৰ উপাৰ্জনত বাধা আহিলে ভৰণ-পোষণ বন্ধ; উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 25, 2026 8:51 am

যদি পত্নীৰ কাম বা গাফিলতিৰ বাবে স্বামীৰ উপাৰ্জনত বাধাৰ সৃষ্টি হয়, তেন্তে বিবাহ বিচ্ছেদৰ পিছত তেওঁ ভৰণ-পোষণৰ দাবী কৰিব নোৱাৰিব। এক বিতৰ্কিত ঘটনাৰ পৰিপ্ৰেক্ষিতত এলাহাবাদ উচ্চ ন্যায়ালয়ে এই সিদ্ধান্ত জনাইছে।

কুশীনগৰৰ এহাল দম্পতীক লৈ আছিল গোচৰটো। স্বামী বেদ প্ৰকাশ সিং পেছাত হোমিঅ’পেথিক চিকিৎসক। অভিযোগ অনুসৰি এদিন তেওঁৰ পত্নীৰ ভাতৃ আৰু পিতৃয়ে তেওঁৰ ক্লিনিকলৈ আহি কাজিয়াত লিপ্ত হোৱাৰ সময়তে তেওঁক গুলী কৰা হৈছিল। গুলী তেওঁৰ মেৰুদণ্ডত আবদ্ধ হৈ পৰিল। চিকিৎসকৰ মতে তেওঁৰ অস্ত্ৰোপচাৰ কৰিলে পক্ষাঘাতৰ আশংকা থাকে। বৰ্তমান তেওঁ ভালদৰে বহিবও নোৱাৰে, কাম কৰাটোও প্ৰায় অসম্ভৱ হৈ পৰিছে। এনে পৰিস্থিতিতো পত্নীয়ে ভৰণ-পোষণৰ দাবী কৰে।

২০২৫ চনৰ ৭ মে’ত কুশনগৰ পৰিয়াল আদালতে তেওঁৰ আবেদন খাৰিজ কৰে। আদালতে পৰ্যবেক্ষণ কৰে যে স্বামীৰ বৰ্তমানৰ শাৰীৰিক অৱস্থাৰ পৰা স্পষ্ট যে তেওঁ উপাৰ্জন কৰিব পৰা অৱস্থাত নাই আৰু তেওঁৰ অক্ষমতা পত্নীৰ পৰিয়ালৰ সদস্যৰ অপৰাধমূলক কাৰ্যকলাপৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত।

ইয়াৰ পিছতে বাদীয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ত পুনৰীক্ষণৰ আবেদন দাখিল কৰে। কিন্তু ন্যায়াধীশ লক্ষ্মীকান্ত শুক্লাই পৰিয়াল আদালতৰ ৰায়ক সমৰ্থন কৰে। আদালতে কয় যে স্বামীৰ উপাৰ্জনৰ ক্ষমতা যে নষ্ট হৈছে তাত কোনো বিতৰ্কৰ স্থান নাই। তেওঁৰ মেৰুদণ্ডত এতিয়াও গুলীৰ টুকুৰা আছে, গতিকে চিকিৎসা অতি বিপদজনক।

ন্যায়াধীশগৰাকীয়ে লগতে কয় যে ভাৰতীয় সমাজত সাধাৰণতে স্বামীয়ে পত্নীৰ যত্ন ল’ব বুলি সাধাৰণ বিশ্বাস। অৱশ্যে আইনৰ ক’তো কোৱা হোৱা নাই যে কেৱল স্বামীয়েহে উপাৰ্জন কৰিব লাগিব। কিন্তু এই ক্ষেত্ৰত বিশেষ পৰিস্থিতিৰ সৃষ্টি হৈছে, য’ত স্বামীৰ উপাৰ্জন ক্ষমতা ধ্বংস কৰাৰ বাবে পত্নীৰ পৰিয়াল দায়ী।

উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে, “যদি পত্নীয়ে নিজৰ কাম বা গাফিলতিৰ বাবে স্বামীক উপাৰ্জন কৰিবলৈ অক্ষম কৰি তোলে, তেন্তে তেওঁ সেই পৰিস্থিতিৰ সুবিধা লৈ ভৰণ-পোষণৰ দাবী কৰিব নোৱাৰে।”

উচ্চ ন্যায়ালয়ে লগতে কয় যে ন্যায়ৰ অৰ্থ কেৱল আইন অনুসৰি সিদ্ধান্ত লোৱাই নহয়, প্ৰকৃত পৰিস্থিতিৰ কথাও বিবেচনা কৰা। ইয়াত স্বামীয়ে নিজেই কোনো ভুল কৰা নাই, কিন্তু পত্নীৰ পৰিয়ালৰ অপৰাধৰ বলি হৈছে। গতিকে তেওঁক ভৰণ-পোষণ দিবলৈ বাধ্য কৰাটো অন্যায় হ’ব।

বিশ্লেষক মহলৰ মতে এই ৰায়দান ভৱিষ্যতৰ বহু গোচৰত গুৰুত্বপূৰ্ণ নজিৰ হিচাপে কাম কৰিব পাৰে। আদালতে কয় যে ভৰণ-পোষণ এটা অধিকাৰ হ’লেও ইয়াক কেতিয়াও অপব্যৱহাৰ কৰিবলৈ দিব নোৱাৰি। যদি পত্নী বা পৰিয়ালে স্বামীৰ উপাৰ্জন ক্ষমতা ধ্বংস কৰে, তেন্তে পত্নীয়ে সেই পৰিস্থিতিৰ সুবিধা ল’ব নোৱাৰে।