NORTHEAST NOW (Assamese)
অসম

অহা 8 মাহত উত্তৰ-পূবত ১,২০০জন নিৱনুৱাক চাকৰি দিব পতঞ্জলিয়ে : পতঞ্জলি যোগপীঠ অসম

Posted by: কল্পজ্যোতি শইকীয়া June 16, 2018 9:21 pm
patanjali Assam

পতঞ্জলিয়ে অহা চাৰি মাহৰ ভিতৰত উত্তৰ-পূবত প্ৰায় ১২০০ নিৱনুৱা তথা অতিৰিক্ত ৪ হাজাৰ লোকক নিযুক্তি দিব। আজি দিচপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদ মেলত পতঞ্জলি যোগপীঠ অসম শাখাৰ ৰাজ্যিক সভাপতি বিকাশ গোস্বামীয়ে এই কথা সদৰী কৰে।

এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে বুলি জানিবলৈ দি তেওঁ কয়, ‘ভাৰতত পতঞ্জলিয়ে উদ্যোগ স্থাপনৰ জৰিয়তে বিদেশলৈ ধন প্ৰবাহৰ প্ৰক্ৰিয়া বন্ধ কৰাৰ লগতে স্থানীয় লোকক সংস্থাপন দিছে। ইতিমধ্যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত সাতটা পতঞ্জলি প্ৰকল্প আৰু ১১ খন শিক্ষানুষ্ঠানৰ কাম আৰম্ভ কৰা হৈছে।‘

তেওঁ লগতে কয় ‘বিটিএডি এলেকা, নলবাৰী বিশ্বনাথ, গোলাঘাট, কাৰ্বি আংলং আৰু শোণিতপুৰত পতঞ্জলি প্ৰকল্পৰ কাম আৰম্ভ হৈছে। ইতিমধ্যে ৭ টা প্ৰকল্পত ১৫০০ স্থানীয় লোকে কৰ্মসংস্থাপনৰ সুবিধা লাভ কৰিছে।‘

অসমত বৰ্তমান ১৪৪৭টা স্থায়ী যোগ প্ৰশিক্ষণ কেন্দ্ৰ আছে বুলিও তেওঁ সদৰী কৰি তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদ্দেশ্যে পতঞ্জলি যোগ পীঠ অসম শাখাই চৰকাৰৰ অনুৰোধক্ৰমে অসমৰ সমূহ জিলা, ব্লক পঞ্চায়ত পৰ্য্যায়ত তথা যোগ কেন্দ্ৰসমূহত আজিৰে পৰা প্ৰশিক্ষণ প্ৰদান আৰম্ভ কৰিছে।

পূৰ্বৰ দৰেই অহা ২১ জুনত পতঞ্জলি যোগপীঠে চৰকাৰ তথা আন আন সংস্থাৰ সহযোগত মহা সমাৰোহেৰে আন্তঃৰাষ্ট্ৰীয় যোগদিৱস আয়োজন কৰাৰ কথাও গোস্বামীয়ে সংবাদমেলত উল্লেখ কৰে।

তদুপৰি অসম চৰকাৰে কেন্দ্ৰীয়ভাৱে নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত চতুৰ্থ যোগ দিৱস অনুষ্ঠিত কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰে ডেৰাডুনত এই বিশেষ দিনটো উদযাপন কৰিব বুলি সংবাদমেলতে সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে।

ৰামদেৱক প্ৰশংসা কৰি তেওঁ কয় যে যোগ আয়ুৰ্বেদৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে ৰামদেৱৰ নেতৃত্বত পতঞ্জলি যোগপীঠৰ লক্ষাধিক কাৰ্যকৰ্তাই অহৰ্নিশে কাম কৰি আছে।