NORTHEAST NOW (Assamese)
অসম

কাষ চাপি আহিছে ভাৰত-চীন, চিন্তিত আমেৰিকা; অনুষ্ঠিত হ’ব ৰাজহুৱা শুনানি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 30, 2026 9:55 am

অহা মাহত আমেৰিকা আৰু চীনৰ সৈতে ভাৰতৰ কৌশলগত সম্পৰ্ক সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হ’ব। ১৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এই শুনানি ২০২৬ চনৰ ৰিপোৰ্টিং চক্ৰৰ প্ৰথমটো ৰাজহুৱা শুনানি হ’ব। ইয়াৰ লক্ষ্য হৈছে আমেৰিকা-চীনৰ প্ৰতিদ্বন্দ্বিতাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ স্থিতি মূল্যায়ন কৰা।

আমেৰিকা-চীন অৰ্থনৈতিক আৰু নিৰাপত্তা পৰ্যালোচনা আয়োগে (ইউ এছ চি চি) অহা মাহত আমেৰিকা আৰু চীনৰ সৈতে ভাৰতৰ কৌশলগত সম্পৰ্ক সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰিবলৈ আগবাঢ়িছে। ১৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এই শুনানি ২০২৬ চনৰ ৰিপোৰ্টিং চক্ৰৰ প্ৰথমটো ৰাজহুৱা শুনানি হ’ব।

এই আয়োগৰ লক্ষ্য হৈছে আমেৰিকা-চীনৰ প্ৰতিদ্বন্দ্বিতাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ স্থিতি মূল্যায়ন কৰা। মন কৰিবলগীয়া যে চীনৰ ক্ৰমবৰ্ধমান প্ৰভাৱ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৱাশ্বিংটনে ভাৰতক এক গুৰুত্বপূৰ্ণ অংশীদাৰ হিচাপে লয়।

উল্লেখ্য যে আমেৰিকাৰ শুল্কৰ চাপত ভাৰত আৰু চীন আৰু ওচৰ চাপিছে। গালৱানৰ পিছত এই ব্যৱধান দূৰ কৰি দুয়োখন দেশে বাণিজ্যিক সম্পৰ্ক স্বাভাৱিক কৰি তুলিছে। বহুদিনৰ মূৰত ভাৰত-চীন বিমান সেৱা আৰম্ভ হৈছে। ভাৰতলৈ ৰপ্তানি কৰা কেইবাটাও সামগ্ৰীৰ ওপৰত থকা নিষেধাজ্ঞা উঠাইছে চীনে। ভাৰত আৰু চীনৰ এই ঘনিষ্ঠতাই আমেৰিকাত অস্বস্তি বৃদ্ধি কৰিছে।

প্রতিটো আমেৰিকান সংবাদ মাধ্যমত প্রকাশ হৈছিল পুটিন, মোডী আৰু জিনপিঙে হাত মিলাই থকা ছবি৷ এই সকলোবোৰৰ মাজতে আমেৰিকাৰ সৈতে ভাৰত, অষ্ট্ৰেলিয়া আৰু জাপানৰ কোৱাড মিত্ৰতাৰ অস্তিত্বক লৈ প্ৰশ্ন উত্থাপন হৈছে। গতিকে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বিষয়ে আমেৰিকাই কি ভাবে সেয়া বুজিবলৈ কঠিন হৈ পৰিছে।

ইয়াৰ পূৰ্বে ভাৰতে গালৱান সংঘৰ্ষৰ পিছত চীনৰ বিনিয়োগত বাধা আৰোপ কৰিছিল। ভাৰতে সেই নিষেধাজ্ঞা শিথিল কৰে। তেতিয়াৰ পৰাই আমেৰিকাৰ নীতি নিৰ্ধাৰকসকলে ভাৰত-চীনৰ সম্পৰ্কৰ ওপৰত চকু ৰাখিছে। এই পৰিস্থিতিত আগন্তুক শুনানিত ভাৰত-চীন সীমা বিবাদ, ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ভাৰতৰ ভূমিকা, চীনৰ প্ৰতি ভাৰতৰ কোমল মনোভাৱ, কৃত্ৰিম বুদ্ধিমত্তাত ভাৰত আৰু চীন, যোগান শৃংখলা আদি বিষয় আলোচনা কৰা হ’ব।

উল্লেখ্য যে চাৰি বছৰতকৈও অধিক সময় সীমান্তৰ উত্তেজনাৰ অন্তত ভাৰত আৰু চীনৰ মাজৰ বৰফ গলিবলৈ আৰম্ভ কৰিছে। শেহতীয়াকৈ দুয়োখন দেশৰ মাজত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত টহল দিয়াৰ চুক্তি আৰু ব্ৰিকছ শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ মাজত হোৱা বৈঠকে আন্তৰ্জাতিক মহলত ব্যাপক আলোচনাৰ সূচনা কৰিছে। আৰু তাক লৈয়েই আমেৰিকাত চিন্তাৰ সূচনা।